ETV Bharat / state

তৃণমূলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ৰিপুণ বৰাক : মে'ত গঠন হ'ব পূৰ্ণাংগ সমিতি

author img

By

Published : Apr 24, 2022, 4:14 PM IST

Updated : Apr 24, 2022, 4:53 PM IST

কংগ্ৰেছৰ প্ৰাক্তন নেতা ৰিপুন বৰাক তৃণমূল কংগ্ৰেছ অসম গোটৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অনুমোদন সাপেক্ষে বৰাক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পণ (Assam state President of TMC)৷

Ripun Bora is appointed President of Assam TMC full fledged committee will form in may
তৃণমূলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ৰিপুণ বৰাক : মে'ত গঠন হ'ব পূৰ্ণাংগ সমিতি

গুৱাহাটী, ২৪ এপ্ৰিল : প্ৰত্যাশিতভাৱেই অসমত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ল ৰিপুণ বৰাক (Former congress leader Ripun Bora) । তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (West Bengal CM Mamata Banerjee) অনুমোদন সাপেক্ষে বৰাক অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীয়ে (Assam state President of TMC) ।

সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা ৰিপুণ বৰাই ৰাজ্যিক সভাপতিৰ পদত (Ripun Bora is appointed President of TMC) অধিষ্ঠিত হোৱাৰ পিছতেই ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, অসমত তৃণমূল কংগ্ৰেছৰ কোনো ৰাজ্যিক সমিতি পূৰ্বতে নাছিল । আগন্তুক মে' মাহৰ ভিতৰত নতুন ৰাজ্যিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । তাৰ পিছতেই গঠন কৰা হ'ব দলটোৰ জিলা সমিতিসমূহ ।

আনহাতে, ৰিপুণ বৰাৰ পদাংক অনুসৰণ কৰিয়েই মে' মাহত অসমৰ ভালেসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগ দিয়াটো নিশ্চিত হৈছে । অৱশ্যে এই পৰ্যন্ত কোনো দলৰ শীৰ্ষ নেতাই তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা নাই । দলটোৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে এই বুলিও কয় যে, যিহেতু দলটোৰ নামেই হৈছে তৃণমূল কংগ্ৰেছ, সেয়েহে তৃণমূল পৰ্যায়ৰ কৰ্মী সকলকহে যোগদানৰ ক্ষেত্ৰত প্ৰথমাৱস্থাত গুৰুত্ব দিয়া হ'ব ।

ইফালে কংগ্ৰেছ দল ত্যাগ কৰি বুজন সংখ্যক তৃণমূল কৰ্মীয়ে এই দলত যোগদানৰ বাবে প্ৰস্তুত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, কংগ্ৰেছ দল এৰি থৈ এইগৰাকী‌ শীৰ্ষ নেতাই বিগত ১৭ এপ্ৰিলত পত্নী-পুত্ৰক লগত লৈ কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । কংগ্ৰেছৰ পৰা বিদায় লৈ ৰিপুণ বৰাই ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছিল দুই পৃষ্ঠাৰ এক পদত্যাগ পত্ৰ (Ripun Bora on resigning from congress) । এই পদত্যাগ পত্ৰত স্পষ্টভাবে ৰিপুণ বৰাই উল্লেখ কৰিছিল যে অসমত কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই ভিতৰুৱাকৈ বিজেপিৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলিছে ।

আনকি তেনে একাংশ নেতা, বিধায়ক আৰু সাংসদৰ নামৰ তালিকাও তেওঁ কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছিল । যাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে কংগ্ৰেছৰ আভ্যন্তৰত । ইপিনে ঘৰ বিভীষণৰ সন্ধান উলিয়াবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটি (Ripun Bora on internal clashes in congress) ।

লগতে পঢ়ক : ৰিপুণ বৰাৰ তালিকাই জ্বলাইছে কংগ্ৰেছ: ভূপেন বৰাক জৰুৰী তলব

Last Updated : Apr 24, 2022, 4:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.