ETV Bharat / state

Transfer of Lat Mandals: সময়ে সময়ে বদলি হ’ব লাট মণ্ডল; দুৰ্নীতিগ্ৰস্থ মণ্ডলে পাব উচিত শাস্তি

author img

By

Published : Jul 19, 2022, 10:56 PM IST

ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত ঘোচখোৰ একাংশ বিষয়া কৰ্মচাৰীকো সকিয়নী দিলে ৰাজহমন্ত্ৰী যোগেন মহনে(Revenue Minister warned employees working in Revenue Circle Office) ৷ মণ্ডলৰ বদলিকৰণ জিলাভিত্তিক হৈ আছে যদিও এই ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা শীৰ্ঘেই জাৰি কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Transfer of Lat Mandals
সময়ে সময়ে বদলি হ’ব লাট মণ্ডল, দুৰ্নীতিগ্ৰস্থ মণ্ডলে পাব উচিত শাস্তি

গুৱাহাটী, ১৯ জুলাই: ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উৎযাপিত আজাদী কা অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিভাগসমূহৰ চৌহদ বা ইয়াৰ আশে-পাশে ৭৫ টাকৈ গছপুলি ৰোপন কৰিবলৈ আহ্বান জনাইছিল (Chief Ministers institutional plantation programme)। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল ।

মঙলবাৰে দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত(Dispur Revenue Circle office) উপস্থিত হোৱা অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে(Revenue minister Jogen Mohan) দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ সহযোগত চক্ৰ বিষয়া কাৰ্যাল়য়ৰ চৌহদত পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গছপুলি ৰোপন কৰে । চৰকাৰৰ গছপুলি ৰোপন প্ৰকল্পটোৰ বাবে প্ৰস্তুত কৰা ৱেব প'ৰ্টেলত ৰোপন কৰা গছপুলি প্ৰতিবছৰে কি হাৰত বৃদ্ধি হ’ল তাৰ ফটো সময়ে সময়ে আপলোড কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

ইফালে ৰাজহ চক্ৰ কাৰ্যলয়ত কৰ্মৰত ঘোচখোৰ একাংশ বিষয়া কৰ্মচাৰীকো সকিয়নী দিয়ে মন্ত্ৰীগৰাকীয়ে (Revenue Minister warned employees working in Revenue Circle Office) । এতিয়াৰে পৰা দুৰ্নীতিত লিপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ পালে ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে যোগেন মহনে ।

আনহাতে ধনৰ বিনিময়ত একাংশ লাট মণ্ডলে মাটিৰ কাম কৰি অহাৰ লগতে সাধাৰণ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বছৰৰ পিছত বছৰৰ ধৰি কাম কৰি অহা লাট মণ্ডলৰ বদলিকৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, মণ্ডলৰ বদলিকৰণ জিলাভিত্তিক হৈ আছে যদিও এই ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা শীৰ্ঘেই জাৰি কৰা হ’ব । সেই অনুসৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বদলি কৰা হ’ব মণ্ডলসকলক (Transfer of lat Mandal)।

লগতে পঢ়ক: Senior assistant of Civil Hospital arrested: উৎকোচ লৈ গ্ৰেপ্তাৰ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.