ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

author img

By

Published : Sep 14, 2021, 5:11 PM IST

অসম আৰক্ষীৰ সাতগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ৰদ-বদল কৰা হৈছে ।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

গুৱাহাটী,১৪ ছেপ্তেম্বৰ : অসম আৰক্ষীত পুনৰ ৰদ-বদল । অসম আৰক্ষীৰ সাতগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ৰদ-বদল কৰা হৈছে ৷ ৰদ-বদল কৰিলে ৰাজ্যৰ গৃহ বিভাগে । সেই অনুসৰি কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে বদলি কৰা হৈছে ।

দৌলাশালৰ ১৪নং আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে বদলি কৰা হৈছে । সেইদৰে চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানৰ সহকাৰী অধিনায়ক দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

লগতে পঢ়কঃ ঢেকীয়াখোৱা বৰনামঘৰত আশিস ল’লে সাংসদ গৌৰৱ গগৈয়ে

আনহাতে চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাক চিৰাং জিলাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে বদলি কৰা হৈছে । দেৰগাঁৱৰ একাদশ আৰক্ষী বেটেলিয়ন (বৰ্তমান চি আই ডিত অতিৰিক্তভাৱে কৰ্তব্যৰত) উপ-আৰক্ষী অধীক্ষক মৃদুল বৰুৱাক চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

একেদৰে মাঞ্জাৰ ২৩নং আই আৰ বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক আব্দুল ৰচিদক বৰমণিপুৰৰ ১৬নং আই আৰ বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । পাণবাৰীৰ ২০নং আই আৰ বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক জীয়াউৰ ৰহমানক চিআইডিৰ উপ-আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

লগতে পঢ়কঃ কা' আইন বাতিলৰ দাবীত তিনিচুকীয়াত এজেপিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.