ETV Bharat / state

ক্ষেত্ৰীত ডিঙি চেপি মহিলাক হত্যা

মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ হেলাগগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত মঙলবাৰে কৰৱী ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ,মুখ মণ্ডল আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট থকা মহিলাগৰাকীক ডিঙি চেপি দুৰ্বৃত্তই হত্যা কৰি কুঁৱাত পেলাই দিয়াৰ সন্দেহ আৰক্ষীৰ ৷

author img

By

Published : Aug 13, 2019, 6:53 PM IST

ক্ষেত্ৰীত ডিঙি চেপি মহিলাক হত্যা

গুৱাহাটী,13 আগষ্টঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ হেলাগগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত মঙলবাৰে কৰৱী ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় ৷ ঘটনা অনুসৰি,সোমবাৰে সন্ধিয়াৰ পৰা ৰহস্যজনক ভাৱে মহিলা গৰাকী সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকে নিশা মহিলা গৰাকীৰ সন্ধানত চৌদিশে অভিযান চলাই যদিও মঙলবাৰে ৰাতিপুৱাহে পৰিত্যক্ত এটা কুঁৱাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,মুখ মণ্ডল আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট থকাৰ লগতে পিছফালে দুয়োখন হাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা মহিলাগৰাকীক ডিঙি চেপি দুৰ্বৃত্তই হত্যা কৰি কুঁৱাটোত পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আনহাতে মহিলা গৰাকীৰ পুত্ৰই টকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি জানিবলৈ দিছে যদিও কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Intro:সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ আশংকা

Body:মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ হেলাগগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত মঙ্গলবাৰে উদ্ধাৰ হৈছে এটা মৃতদেহ। পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কৰৱী ঠাকুৰীয়া(40) নামৰ মহিলা গৰাকী সোমবাৰে সন্ধিয়াৰ পৰা ৰহস্যজনক ভাবে সন্ধাহীন হৈ আছিল। যোৱা নিশা চৌদিশে সন্ধান বিচাৰে যদিও আজি পুৱাহে পৰিতক্ত কুৱাটিত উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ৷ মূখ মণ্ডলত আঘাতৰ স্পষ্ট চিন, ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ লগতে পিছফালে দুয়োখন হাত বন্ধা, ডিঙি চেপি হত্যা কৰি পেলাই দিয়াৰ সন্দেহ আৰক্ষীৰ৷

পৰিয়ালৰ লোকৰ অভিযোগ কোনো দুৰ্বৃত্তই হত্যা কৰি কুৱাত এনেদৰে পেলাই দিয়ে।

কিহৰ কাৰণে সংঘটিত হল এই হত্যাকাণ্ড? মহিলা গৰাকীৰ পুত্ৰৰ ভাষ্য অনুসৰি গম পোৱা গৈছে যে টকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে। এতিয়া প্ৰশ্ন হয়, যদি টকাৰ কাৰণে মহিলা গৰাকীক এনেদৰে নিৰ্ম্মমভাৱে হত্যা কৰা হল তেতিয়াহ'লে কোনে কৰিলে এই জঘন্য কাণ্ড? আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াবলৈ সক্ষম হবনে৷ এইক্ষেত্ৰত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।

Byte মহিলা গৰাকীৰ পুত্ৰৰConclusion:ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰিছে।

Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.