ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক অতিন দাসলৈ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা

জ্যেষ্ঠ সাংবাদিক অতিন দাসলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ২০২১ বৰ্ষৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা । গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰবীণ সাংবাদিক গৰাকীক প্ৰদান কৰা হ'ব এই বঁটা ।

জ্যেষ্ঠ সাংবাদিক অতিন দাসলৈ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা
জ্যেষ্ঠ সাংবাদিক অতিন দাসলৈ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা
author img

By

Published : Jan 21, 2021, 8:22 PM IST

গুৱাহাটী, ২১ জানুৱাৰী : জ্যেষ্ঠ সাংবাদিক অতিন দাসলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ২০২১ বৰ্ষৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা । আগন্তুক ২৬ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰবীণ সাংবাদিক গৰাকীক প্ৰদান কৰা হ'ব এই বঁটা ।

শিলচৰৰ বাসিন্দা অতিন দাসে ১৯৬২ চনত সাংবাদিকতা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ১৯৬৪ চনত শিলচৰৰ পৰা প্ৰকাশ কৰিছিল "বৰাক" নামৰ সংবাদপত্ৰখন । ইয়াৰ উপৰিও তেওঁ সংবাদসেৱা অব্যাহত ৰাখিছিল কেইবাটাও ৰাষ্ট্ৰীয় সংবাদমাধ্যমত ।

"মালাবাৰ হেৰাল্ড", "দৈনিক বসুমতি", "আনন্দবাজাৰ পত্ৰিকা"কে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ জৰিয়তে তেওঁ সেৱা আগবঢ়াই আহিছে ।

লগতে পঢ়ক :আকৌ এবাৰ মুখথেকেচা মহন্তৰ: অভিবৰ্তনৰ অনুমতি নিদিলে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.