গুৱাহাটী, ১ এপ্ৰিল: তিনিচুকীয়াৰ প্ৰাঞ্জল মৰাণ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাৰ ৭ এপ্ৰিলৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব IGP জিৎমল দলে ৷ প্ৰাঞ্জল মৰাণৰ ঘটনা যি লোকেই জড়িত নহওক কিয় সকলো আহিব তদন্ত আওতালৈ ৷ শনিবাৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্ব্বশী মৰাণক সাক্ষাৎ কৰি এই আশ্বাস প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (Pranjal Moran missing case) ৷
কয়লা মাফিয়াৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷ উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক সাক্ষাৎ কৰাৰ সময়ত তিনিটা চৰ্ত ৰাখিছিল প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে ৷ প্ৰথম চৰ্ত প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ কৰা, দ্বিতীয় চৰ্ত এই ঘটনাৰে জড়িত থকাসকলক তদন্তৰ আওঁতালৈ অনা আৰু তৃতীয় চৰ্ত হ’ল উচিত ক্ষতিপূৰণ প্ৰদান কৰা আৰু উৰ্বশী মৰাণক সংস্থাপন প্ৰদান কৰা ৷ এই আটাইকেইটা চৰ্তই গুৰুত্বসহকাৰে গ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Pranjal Moran disappearance) ৷
ইফালে, লাংকাচি থানা আৰু লিডু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোচৰ ৰুজু কৰাত পলম কৰাকলৈয়ো খৰ্গহস্ত ডিজিপি জিপি সিং ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডুৰ কয়লাখনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা প্ৰাঞ্জল মৰাণৰ বিগত তিনি মাহত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালে । তিনিচুকীয়া জিলাৰ ১২২ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ কাচমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত শুকানি গাঁৱৰ বাসিন্দা আছিল প্ৰাঞ্জল মৰাণ (Pranjal Moran case investigation) ৷
প্ৰাঞ্জল মৰাণ সন্ধানহীন হোৱাৰ পাচৰে পৰা বিভিন্ন দল সংগঠনৰ লগতে তেওঁৰ পত্নী উৰ্বশী মৰাণেও সন্ধান বিচাৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ কিন্তু প্ৰথম অৱস্থাত বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে ৷ কিন্তু শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰা পাচতেই কিছু আশাৰ ৰেঙনী দেখা পাইছে দুৰ্ভগীয়া প্ৰাঞ্জল মৰাণৰ পত্নীয়ে ৷
লগতে পঢ়ক: Assam Border dispute: চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি