ETV Bharat / state

ৰাজ্যজুৰি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন পালন - সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন । আছুৰ উদ্যোগত দীঘলী পুখুৰীৰ পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । নিজৰাপাৰৰ সুধাকণ্ঠৰ বাসভৱনতো সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰাৰ হয় ৷

Remembering Bhupen Hazarika On His 95th Birth Anniversary
ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিনত পালন
author img

By

Published : Sep 8, 2021, 9:53 PM IST

গুৱাহাটী , ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন । এই উপলক্ষে আছুৰ উদ্যোগত দীঘলী পুখুৰীৰ পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ।

ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন পালন

আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিনত স্মৃতি তৰ্পন অনুষ্ঠান জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত আয়োজন কৰা হয় । এই কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত দাস, যোগেন মহন, সঞ্জয় কিষাণ উপস্থিত থাকি সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায় । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই সমাধি ক্ষেত্ৰ আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া বুলি ঘোষণা কৰে । উল্লেখ্য যে কোভিডৰ বাবে দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল সমাধি ক্ষেত্ৰ।

লগতে পঢ়ক: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগতো নিজৰাপাৰৰ সুধাকণ্ঠৰ বাসভৱনত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুধাকণ্ঠৰ অনুৰাগীৰ গীত মাত আৰু আলাপেৰে অনুষ্টুপীয়াকৈ সুধাকন্ঠৰ ওপজাদিনটি পালন কৰা হয় । ৯৫ খন পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয় ৷

গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱন প্ৰাংগনটো আৰোহণ ফাউণ্ডেছন নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচীৰে ড৹ ভূপেন হাজৰিকা জন্ম দিন পালন কৰে । সুধাকণ্ঠৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীতত নৃত্য, লগতে স্বৰচিত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে ড৹ ডালিমী কোঁৱৰ, ড৹ বিদুলা শৰ্মা, জন্মি দাস, ডিমলী গগৈ, হীৰু শৰ্মা আৰু ৰবীন ডেকা আদি ।

লগতে পঢ়ক:মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা : তিনি বিষয়াক নিলম্বন

একেদৰে তিনিচুকীয়াটো ভূপেনদাৰ অনুৰাগীসকলে উদযাপন কৰিছে যাযাবৰী শিল্পী গৰাকীৰ জন্ম জয়ন্তী । তিনিচুকীয়া ৰঙাগড়া পথৰ অসম অনুসূচীত জাতি পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ সহযোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সুঁৱৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।

অন্যহাতে, তিনিচুকীয়া অসম জাতীয়তাবাদী যুৱ পৰিষদ, ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত উদীপ্ত ক্লাৱ আৰু বৃহত্তৰ ডিমাৰুগুৰি অঞ্চলবাসীৰ সহযোগত ডিমৰুগুৰিত ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় ৷ এই উপলক্ষে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, সন্মুখত বন্তী প্ৰজ্বলন আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা দেৱৰ সোঁৱৰণীত গছপুলি ৰোপন কৰা হয় । পৰিৱেশ সুৰক্ষা সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই গছপুলি ৰোপন কৰে ৷

লগতে পঢ়ক: টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

হোজাই জিলাৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নাহৰ সমন্বয় গোষ্ঠীৰ উদ্যোগত লংকাৰ তিনিআলীত ড৹ ভূপেন হাজৰিকাৰ দেৱৰ ৯৫ সংখ্যক জন্মদিন পালন কৰা হয় । দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিৰ তলত বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোকৰ যুৱক যুৱতীৰ দ্বাৰা জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তী ।

লগতে পঢ়ক: গুৰুজনাৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠপুৰী লৈ পৰিণত সত্ৰভূমি মাজুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.