গুৱাহাটী, ১৭ নৱেম্বৰ : ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত শীতৰ আগমন হৈছে । বংগোপসাগৰত গভীৰ নিম্নচাপ হোৱাৰ বাবে স্বাভাৱিকতে ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত হঠাৎ শীতৰ আগমন হৈছে বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ।
বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে প্ৰকাশ কৰা তথ্য মতে ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা তললৈ নামিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে ৰাজ্যখনত শুকুৰবাৰেৰ ন্যূনতম সৰ্বনিম্ন তাপমাত্ৰা তিনিচুকীয়াত ১৪.০ ডিগ্ৰী চেলছিয়াছ আৰু কালিৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা লখিমপুৰত ৩০.২ ডিগ্ৰী চেলছিয়াছ হৈছিল ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে শুকুৰবাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা ১৭ ডিগ্ৰীৰ তললৈ নামিছে । তথ্যমতে শুকুৰবাৰে শ্বিলঙত সৰ্বনিম্ন তাপমাত্ৰা ১১.২ ডিগ্ৰী, চেৰাপুঞ্জীত সৰ্বনিম্ন তাপমাত্ৰা ১৬ ডিগ্ৰী, বৰাপানীত সৰ্বনিম্ন তাপমাত্ৰা ১৬.৫ ডিগ্ৰী, কহিমাত সৰ্বনিম্ন তাপমাত্ৰা ৯.৪ ডিগ্ৰী, তিনিচুকীয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৪ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত সৰ্বনিম্ন তাপমাত্ৰা ১৬.৫ ডিগ্ৰী হৈছে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে যোৱা ২৪ ঘণ্টাত অসমৰ কিছু কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱা পৰিলক্ষিত হৈছিল । অহা ২৪ ঘণ্টাত অসমৰ বেছিভাগ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বৰাক উপত্যকাৰ দুই এঠাইত বিজুলী-ঢেৰেকণি, বতাহৰ লগতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ।
ইপিনে শুকুৰবাৰে গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ২০ ডিগ্ৰী হৈছে । আগন্তুক দুদিনৰ পাচত গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১৬ ডিগ্ৰীলৈ নামিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । শুকুৰবাৰে পুৱা পাতলীয়া এজাক বৰষুণে গুৱাহাটী মহানগৰীক তিয়ালে যদিও আগন্তুক দুদিনতো পাতলীয়া বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । অহা ২৩ নৱেম্বৰলৈকে গুৱাহাটীত আকাশ ডাৱৰীয়া হৈ থাকিব ।
লগতে পঢ়ক : পুনৰ ভয়াৱহ হৈছে দিল্লীৰ বায়ু প্ৰদূষণ