ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ ৩০% পাঠ্যক্ৰম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ শিক্ষা সংসদৰ

author img

By

Published : Aug 24, 2020, 8:49 PM IST

নতুন পাঠ্যক্ৰম প্ৰস্তুতৰ দায়িত্ব অৰ্পণ কৰা হৈছে শিক্ষা সংসদৰ উপ সচিব অনুৰূপা চৌধুৰী, শৈক্ষিক বিষয়া ৰুমী শইকীয়া আৰু পি কে পূজাৰীক। CBSC আৰু ICSC য়ে গ্ৰহণ কৰা পাঠ্যক্ৰম বাচনিৰ আৰ্হিত শিক্ষা সংসদে সিদ্ধান্ত গ্ৰহণ কৰিব। ১ ছেপ্টেম্বৰৰ পূৰ্বেই পাঠ্যক্ৰম সংকোচন কাৰ্য সম্পন্ন কৰিবলৈ চেষ্টা চলাইছে শিক্ষা সংসদে।

HSSLC
শিক্ষা সংসদ

গুৱাহাটী, ২৪আগষ্টঃ ক'ভিড-১৯ ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে শিক্ষা ব্যৱস্থাতো ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে । অনিয়মীয়া পাঠদান প্ৰক্ৰিয়ালৈ লক্ষ্য কৰি উচ্চতৰ মাধ্যমিকৰ ৩০% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত হ'ব নতুন পাঠ্যক্ৰম । ১৯ আগষ্টত শিক্ষা সংসদৰ শৈক্ষিক কমিটীৰ বৈঠকত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়কঃ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ

আনহাতে ৩০% পাঠ্যক্ৰম হ্ৰাস কৰাৰ ক্ষেত্ৰত অসম মাধ্যমিক শিক্ষা পৰিষদেও আলোচনা অব্যাহত ৰাখিছে। কৰ'ণাৰ বিভীষিকাৰ বাবে ২০২১ ত হাইস্কুল শিক্ষান্ত পৰীক্ষাও এমাহ পলমকৈ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ছেবাই । উল্লেখ্য যে, ২৫ আৰু ২৬ আগষ্টত অনুষ্ঠিত হ'বলগীয়া শিক্ষা বিভাগৰ বৈঠকত বিভাগটোৱে গঠন কৰি দিয়া টাস্ক ফ'ৰ্চে বিদ্যালয় খোলাৰ বিষয়ত সিদ্ধান্ত ল'ব।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.