ETV Bharat / state

Reduce MLA Fund: ‘সুহৃদ’ বন্ধ; ধাৰ লৈ তৎ নোপোৱা হৈছে চৰকাৰ

author img

By

Published : Nov 13, 2021, 10:38 PM IST

মাত্ৰ চাৰিটা মাহতে কোঙা হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ হ্ৰাস কৰা হৈছে বিধায়ক পুঁজিও ৷ জানিব পৰা মতে, ধাৰ-ঋণৰ মাজেৰে চলি আছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাখন ৷

mla fund reduce
ধাৰ লৈ তৎ নোপোৱা হৈছে চৰকাৰ

গুৱাহাটী, ১৩ নৱেম্বৰ: মাত্ৰ চাৰিটা মাহতে বিত্তীয় ভাৱে একপ্ৰকাৰ কোঙা হৈ পৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । ৰাজ্যৰ বিত্তীয় অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে, বিধায়কসকলে অতদিনে সমষ্টিৰ উন্নয়নৰ বাবে লাভ কৰি অহা বিধায়ক উন্নয়ন পুঁজিৰ ধনো পূৰ্বৰ এক কোটি টকাৰ পৰা পঞ্চাশ লাখলৈ শেহতীয়াকৈ হ্ৰাস কৰা হৈছে । অসম বিধানসভাৰ ১২৬ গৰাকী বিধায়কে বাৰ্ষিক এক কোটি টকাকৈ সমষ্টি উন্নয়নৰ বাবে লাভ কৰি আহিছিল ।

এই পুজিৰ পৰাই সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামকাজ সম্পন্ন কৰা হৈছিল । কিন্তু এতিয়াৰে পৰা এই পুঁজি হ্ৰাস কৰা হৈছে পঞ্চাশ লাখলৈ । একেদৰে পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত আৰম্ভ কৰা হৈছিল "সুহৃদ" নামৰ এখন আঁচনি । এই আঁচনিৰ জৰিয়তে বিধায়কসকলক পঞ্চাশ লাখ টকাকৈ মোকলাই দিয়া হৈছিল ।

mla fund reduce
ধাৰ লৈ তৎ নোপোৱা হৈছে চৰকাৰ

লগতে পঢ়ক : BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

সেই পুঁজিৰ পৰাই বিধায়ক সকলে তেওঁলোকৰ সমষ্টিৰ কোনো লোকৰ গুৰুতৰ বেমাৰ আজাৰ হ'লে সাহাৰ্য আগবঢ়োৱাৰ ব্যৱস্থা আছিল । কিন্তু শেহতীয়াকৈ ৰাজ্যৰ শোচনীয় বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই "সুহৃদ" নামৰ জনকল্যাণমুখী আঁচনিখনো বন্ধ কৰা হৈছে । মনকৰিবলগীয়া যে, মাত্ৰ যোৱা চাৰিটা মাহতে ৰাজ্য চৰকাৰখনে মুকলি বজাৰৰ পৰা প্ৰায় আঠ হাজাৰ কোটি টকা ঋণ ল’বলগীয়া হৈছে ।

আনহাতে, অতদিনে ৰাজ্য চৰকাৰে জি এছ টিৰ ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা যি ধন লাভ কৰি আহিছিল সেয়াও এতিয়া ঋণ হিচাপেহে দিবলৈ আৰম্ভ কৰিছে দিল্লীয়ে । ইপিনে, শেহতীয়াকৈ অসমৰ সকলো চৰকাৰী বিদ্যালয়লৈ চৰকাৰে আগবঢ়োৱা পুঁজি যদিহে ক’ৰবাত অব্যৱহৃত হৈ আছে, সেয়াও তৎকালে ঘূৰাই দিবলৈ দিছপুৰৰ পৰা নিৰ্দেশ দিয়া হৈছে বিদ্যালয়সমূহক । এনেবোৰ ঘটনাক্ৰমে স্পষ্ট কৰি দিছে চাৰিমহীয়া চৰকাৰখনৰ বিত্তীয় অৱস্থা ।

লগতে পঢ়ক : যুৱতীয়ে আলফাত যোগদান দিয়া সন্দৰ্ভত কি ক’লে সমুজ্জল ভট্টাচাৰ্যই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.