ETV Bharat / state

Recruitment examination Result: মঙলবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল - অসম মাধ্যমিক শিক্ষা পৰিষদ

মঙলবাৰে ঘোষণা কৰা হ’ব কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল (Recruitment examination Result)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰিছে । সমগ্ৰ প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰি কৰিছে (Assam CM Himanta Biswa Sarma Tweet)।

Recruitment examination Result will announced tomorrow
মঙলবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল
author img

By

Published : Oct 17, 2022, 10:57 PM IST

গুৱাহাটী, 17 অক্টোবৰ: বহু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে ঘোষণা কৰা হ’ব কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল (Recruitment examination Result) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰিছে(Assam CM Himanta Biswa Sarma) । সমগ্ৰ প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা উল্লেখ কৰিছে (Assam CM Himanta Biswa Sarma Tweet) । উল্লেখযোগ্য যে যোৱা ২১ আগষ্টত ৰাজ্যৰ ২৪ খন জিলাত কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam Direct Recruitment 2022 )।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা । ২১ আগষ্টত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ (কাকত ১) আৰু বিয়লি দুই বজাৰ পৰা ৪ বজালৈ অষ্টম শ্ৰেণীলৈকে পঢ়া প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকাত ২) অনুষ্ঠিত হৈছিল । পৰীক্ষা অনুষ্ঠিত প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰ ১০০ মিটাৰ আশে-পাশে ১৪৪ ধাৰা বলবৎ কৰা হৈছিল । ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছিল (Internet service down in Assam)।

  • I am happy to inform that "Assam State Level Recruitment Commission for Class- IV posts" is announcing its result for the written test on 18th October 2022. I hope this transparent process, will provide the youth of Assam an opportunity to serve the state

    — Himanta Biswa Sarma (@himantabiswa) October 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । প্ৰায় ২৬০০০ পদৰ বাবে তিনিওটা দিনত ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ (Board of Secondary Education) দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত হৈছিল । আনহাতে ২৮ আগষ্ট আৰু ১১ ছেপ্টম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষাও অনুৰূপ ধৰণে অনুষ্ঠিত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল । বৰ্তমানলৈ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়ক: Assam Police Recruitment: অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ প্ৰাৰ্থীক তলব CIDৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.