ETV Bharat / state

ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 2, 2020, 5:01 PM IST

কৰ’ণা মহামাৰীৰ সংকটকালত ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস । এই আৰ্থিক ক্ষতি বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰি-মাসিকত জোৰা-টাপলি মৰাৰ পৰিকল্পনা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । বিধানসভাৰ অধিৱেশনত বুধবাৰে এই ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

Reaction on Economy down by minister Himanta Biswa Sarma Guwahati assam etv bharat news
হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,২ চেপ্তেম্বৰ: Covid-19 মহামাৰীৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হোৱাৰ কথা বুধবাৰে সংবাদমেলযোগে সদৰি কৰাৰ পিছত বিধানসভাত বিপৰীত মন্তব্য প্ৰকাশ কৰিলে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস হ’লেও চলিত বিত্তীয় বৰ্ষতে এই ক্ষতি পূৰাব পৰা যাব বুলি বিত্তমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়ায় । এই আৰ্থিক ক্ষতি বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰি-মাসিকত পূৰণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । বিধানসভাত বিনিয়োগ বিধেয়ক 2020 ৰ সম্পৰ্কে কৰা আলোচনাত মন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ দেশজুৰি হোৱা লক ডাউনৰ পৰিপ্ৰেক্ষিতত এপ্ৰিল মাহত ৰাজ্যত জিএছটিৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ 90 শতাংশ লোকচান হৈছে । বিগত জুলাই মাহত প্ৰত্যাশিত 960 কোটিৰ বিপৰীতে 600 কোটি টকা হয়গৈ ৷

ষ্টেট ইন’ভেচন এণ্ড ট্ৰেন্সফৰমেচন আয়োগে প্ৰস্তুত কৰা এক প্ৰতিবেদনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,এই প্ৰতিবেদন মূলতঃ এক শৈক্ষিক অভ্যাস আছিল আৰু এই প্ৰতিবেদনখন লক ডাউন দীৰ্ঘদিন ধৰি অব্যাহত থাকিব বুলি ধাৰণা কৰিহে প্ৰস্তুত কৰা হৈছিল । ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ ওপৰত ষ্টেট ইন’ভেচন এণ্ড ট্ৰেন্সফৰমেচন আয়োগৰ প্ৰতিবেদন বাস্তৱ সন্মত প্ৰতিচ্ছবি হ’ব নোৱাৰে । লগতে Covid 19 মহামাৰীয়ে মন্দাৱস্থালৈ থেলি দিয়া ৰাজ্যৰ অৰ্থনীতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ চলিত বিত্তীয় বৰ্ষৰ অন্তত এই সংকটৰ অৱসান ঘটাব । উল্লেখ্য যে, 29 আগষ্টত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ কথা অসহায়ভাৱে প্ৰকাশ কৰিছিল । আৰ্থিক দুৰাৱস্থাৰ বাবে Covid 19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবদ কিছু পৰিৱৰ্তন অনা হৈছে বুলি মত প্ৰকাশ কৰিছিল । পিছে বিধানসভাত বিপৰীত ৰূপত ৰাজ্যৰ অৰ্থ ব্যৱস্থাক দাঙি ধৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে চাওকঃ ১৪ চেপ্তেম্বৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.