ETV Bharat / state

মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি : সৰ্বত্ৰে অখিল ভাৰতীয় হিন্দু মহাসভাক গৰিহণা

author img

By

Published : Oct 3, 2022, 5:15 PM IST

দেশবাসীয়ে দেওবাৰ ২ অক্টোবৰৰ দিনা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী (birth anniversary of Mahatma Gandhi) পালন কৰাৰ সময়তে কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা (Akhil Bharatiya Hindu Mahasabha at Kasba)পূজাই দেশজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ । অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজিত কৰা দুৰ্গা পূজাত জাতিৰ পিতা মহাত্মা গান্ধীক দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ পিছতেই এই বিষয়টোক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Bapu as Asura at Kasba in Kolkata)।

reaction on Display of Mahatma Gandhi as Asura in Kolkata
মহিষাসুৰৰ ৰূপত মহাত্মা গান্ধী: সৰ্বত্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,3 অক্টোবৰ: ২ অক্টোবৰত দেশবাসীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী পালন কৰাৰ সময়তে কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাই দেশৰ লগতে অসমতো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (birth anniversary of Mahatma Gandhi)।

অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ পিছতেই এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত হৈছে (Akhil Bharatiya Hindu Mahasabha at Kasba)। জাতিৰ পিতাগৰাকীক বিকৃতৰূপত উপস্থাপনক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বিষয়টোক লৈ বিজেপিক বাদ দি অসমৰ বিৰোধী আৰু বাওঁপন্থী প্ৰতিটো দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে (Bapu as Asura at Kasba in Kolkata) ।

চি পি আই এমৰ ৰাজ্যিক নেতা ইছফাকুৰ ৰহমানে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মহাত্মা গান্ধীক নস্যাৎ কৰাৰ বাবেই এই ধৰণৰ এক ষড়যন্ত্ৰ আৰম্ভ কৰিছে হিন্দুত্ববাদী সংগঠনবোৰে । মহাত্মা গান্ধীক আতৰায় চাভাৰকাৰ, নাথুৰাম গডছে আদিক দেশৰ 'হিৰো' বনোৱাৰ উদ্দেশ্যৰে হিন্দুত্ববাদী সংগঠনবোৰৰ নেতৃত্বত সমগ্ৰ দেশতেই আৰম্ভ হৈছে এই ধৰণৰ ষড়যন্ত্ৰৰ ।

মহাত্মা গান্ধীৰ স্থানত চাভাৰকাৰক প্ৰতিষ্ঠা কৰাৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে এইবোৰ কৰি থকা হৈছে বুলি কয় চি পি আই এমৰ ৰাজ্যিক নেতাজনে (Display of Mahatma Gandhi as Asura in Kolkata) । আচলতে স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পৰা মহাত্মা গান্ধীৰ নাম ক্ৰমাৎ নস্যাৎ কৰি দিয়াটোয়ে হৈছে হিন্দুত্ববাদী সংগঠনবোৰৰ লক্ষ্য আৰু উদ্দেশ্য ।

অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক পূজা কৰে এইবোৰ সংগঠনে । এই ঘটনাক অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছে আৰু ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দেশৰ সংবিধানৰ প্ৰতি সন্মান জনায় দোষীক উচিত শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে ।

ইপিনে অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাই হিন্দুত্ববাদী সংগঠন আৰ আৰ এছ, বি জে পি, বিশ্ব হিন্দু মহাসভা আদি সংগঠনবোৰে অহৰহ মহাত্মা গান্ধীৰ আদৰ্শক ধুলিসাৎ কৰিবলৈ চেষ্টা কৰি আহিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লগতে শৰ্মাই কয় যে, ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰিবৰ বাবে, মহাত্মা গান্ধীৰ অহিংস নীতিক নাইকিয়া কৰিবলৈ হিন্দুত্ববাদী সংগঠন আৰ আৰ এছ , বি জে পি, বিশ্ব হিন্দু মহাসভা আদি সংগঠনবোৰে তেওঁলোকৰ গোপন এজেণ্ডাৰে অহৰহ চেষ্টা কৰি আহিছে ৷

আচলতে ধৰ্মনিৰপেক্ষ দেশ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আৰ.এছ.এছ, বিজেপিৰ যি লক্ষ্য তাকেই সাকাৰ ৰূপ দিয়াৰ বাবে এনে গৰ্হিত কামবোৰ কৰি আছে বুলি উল্লেখ কৰাৰ লগতে দেশৰ বাহিৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে (PM Narendra Modi) গান্ধীৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰে যদিও তেওঁলোকৰ গান্ধীৰ প্ৰতি কোনো ধৰণৰ সন্মান নাই ৷

দেশৰ স্বাধীনতাৰ সময়ত যাৰ অগ্ৰণী ভূমিকা আছিল, দেশ নিৰ্মাণত যিজনে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা সেইজনা মহান ব্যক্তিক অপমান কৰাটো চৰম নিন্দনীয় আৰু গৰিহণা যোগ্য কাম । অসম তৃণমূল কংগ্ৰেছে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে ।

চি পি আইৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুনীন মহন্তই কয় যে, মহাত্মা গান্ধী দেশৰ স্বাধীনতা সংগ্ৰামৰ মুল নায়ক আছিল । মহাত্মা গান্ধীক জাতীয় পিতা বুলিয়ে দেশবাসীয়ে সম্মান কৰে । অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ কাৰ্যই আৰ আৰ এছৰ প্ৰকৃত চৰিত্ৰ প্ৰতিফলিত কৰিছে ।

দেশৰ স্বাধীনতা আন্দোলনত আৰ এছ এছ, অখিল ভাৰতীয় হিন্দু মহাসভাৰ দৰে সংগঠনে পালন কৰা নাছিল কোনো ভূমিকা ৷ এনেবোৰ সংগঠনে জাতিৰ পিতাগৰাকীক অপমান কৰিব পৰাটো দেশবাসীৰ বাবে দুৰ্ভাগ্যজনক । আৰ এছ এছ, অখিল ভাৰতীয় হিন্দু মহাসভাৰ দৰে সংগঠনবোৰে ইতিমধ্যে ৰাজনৈতিক শিষ্টাচাৰ অতিক্ৰম কৰিছে ।

ইপিনে এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই এম এলৰ ৰাজ্যিক নেতা বিবেক দাসে কয় যে, অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ কামটো এক দেশদ্ৰোহী কাম । মহাত্মা গান্ধীৰ অহিংস নীতিক ধ্বংস কৰিবলৈ তৎপৰতাৰে চেষ্টা কৰি থকা হিন্দুত্ববাদী সংগঠন আৰ আৰ এছ, বিশ্ব হিন্দু মহাসভা আদি সংগঠনবোৰৰ দেশৰ স্বাধীনতা আন্দোলনলৈ কোনো অৱদান নাই । বৰং ভাৰতীয়সকলক শোষণ কৰি থকা বৃটিছৰ দৰে সাম্ৰাজ্যবাদী শক্তিৰে বুজাবুজিহে কৰিছিল ।

অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ হিচাপে প্ৰদৰ্শন কৰা কামটো দেশৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে । এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হোৱা উচিত বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে চি পি আই এম এলৰ ৰাজ্যিক নেতাগৰাকীয়ে ।

সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰি বিজেপিৰ কেবাগৰাকী নেতাৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকে বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰে নীৰৱ স্থিতি ।

লগতে পঢ়ক: ইউইউ ললিতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণৰ পিছত এমাহতেই ৮৪৯ টা গোচৰ নিষ্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.