গুৱাহাটী, ৩১ জানুৱাৰী : "অসম আৰক্ষী ভালে থাকক, অসম আৰক্ষীৰ ভাল হওক । অসম আৰক্ষীৰ নাম আৰু উজলি উঠক ।" -এই মন্তব্য অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskar Jyoti Mahanta retired) । উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে ভাস্কৰজ্যোতি মহন্তৰ আজি অন্তিম দিন । এই উপলক্ষে গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত (head quarter of 4th APBN) আজি বিদায়ী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক বিদায় সম্ভাষণ জনোৱা হয় ।
আৰক্ষীৰ বিদায়ী পেৰেডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাস্কৰজ্যোতি মহন্তৰ পত্নী স্বপ্নালী মহন্তই সংবাদ মাদ্যমৰ আগত এনেদৰে নিজৰ মনৰ ভাব ব্যক্ত কৰে (DGP Bhaskar Jyoti Mahanta ceremonial farewell) । তেওঁ কয়- "সহধৰ্মিণী হিচাপে প্ৰতিটো মুহূৰ্তৰে সাক্ষী হৈ আছোঁ । এই দীঘলীয়া সময়ছোৱাত বহু মিঠা অভিজ্ঞতা তথা ভয়লগা অভিজ্ঞতা আছে । বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ । আজি এটা বিশেষ দিন । দীঘলীয়া চাকৰি জীৱনৰ পৰা আজি তেওঁ অৱসৰ লৈছে । যাৰ বাবে নিশ্চয় কিছু আৱেগিক হৈছোঁ । অসম আৰক্ষী আমাৰ বাবে পৰিয়ালৰ দৰে । অসম আৰক্ষীৰ উত্তৰোত্তৰ আমাৰ কাম্য ।"
আনহাতে, ভাস্কৰজ্যোতি মহন্তৰ কন্যা সৃজনী ভাস্ব মহন্তই সংবাদ মাধ্যমৰ আগত মনৰ ভাব ব্যক্ত কৰি পিতৃৰ প্ৰসংগত কয়- "তেওঁ নিজৰ দৰ্শন মতে চলে । অৱসৰৰ পাছত তেওঁ সাহিত্য-সংস্কৃতিৰ ক্ষেত্রত অধিক মনোনিবেশ কৰিব । এইক্ষেত্রত তেওঁৰ বিশেষ ৰাপ আছে আৰু ভাল পায় । তেওঁৰ চাকৰি জীৱনৰ বিভিন্ন কথাক লৈ আমাৰ মাজত আলোচনা হয় । তেওঁৰ কিছুমান কথাক আমি কেতিয়াবা সমৰ্থন নকৰোঁ।" তেওঁ লগতে কয় যে চাকৰি জীৱনত পিতৃয়ে কৰা বিভিন্ন কামৰ বাবে তেওঁ গৌৰৱবোধ কৰে (DGP Bhaskar Jyoti Mahanta farewell parade) । অৱসৰৰ পাছত পিতৃয়ে খেতি কৰিব পাৰে বুলিও কন্যাই সদৰী কৰে ।
অৱসৰৰ পাছত পিতৃয়ে কি কৰাৰ পৰিকল্পনা কৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে খেতি কৰিব, পঢ়া-শুনা কৰিব, লেখা-মেলা কৰিব, ছবি নিৰ্মাণ কৰিব । উল্লেখ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্তই বিগত সময়ছোৱাত বিভিন্ন পদত সেৱা আগবঢ়াই ২০১৯ চনৰ ৩০ নৱেম্বৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰিছিল । ১৯৬৩ চনৰ ২৪ জানুৱাৰীত শিৱসাগৰত জন্মগ্ৰহণ কৰা ভাস্কৰজ্যোতি মহন্তই প্ৰাৰম্ভিক শিক্ষা শিৱসাগৰতে গ্ৰহণ কৰিছিল । ১৯৭৭ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।
তেওঁ ডিগবৈত অৱস্থিত বিবেকানন্দ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল আৰু অৰ্থনীতি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল । তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৰামযশ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল । ইয়াৰ লগতে দিল্লী স্কুল অব ইকন’মিক্সৰ পৰা সমাজসেৱা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । ১৯৮৬ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় তথ্য সেৱা বিভাগ লাভ কৰিছিল ।
১৯৮৭ চনত তেওঁ আকৌ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা লাভ কৰে । তেওঁ অসম চৰকাৰৰ অন্তৰ্গত অসম আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবীত থাকি সেৱা আগবঢ়াইছিল । সুদীৰ্ঘ কেইবা দশক ধৰি অসম আৰক্ষীত সেৱা আগবঢ়াই সঞ্চালক প্ৰধান হিচাপে তেওঁ মঙলবাৰে অৱসৰ গ্ৰহণ কৰে । তেওঁৰ ঠাইত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে জি পি সিঙক ।
লগতে পঢ়ক :Ceremonial Farewell Parade : অসম আৰক্ষী এটা দৰ্শন: বিদায়ী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত