ETV Bharat / state

বিধায়ক পুঁজিৰ অনিয়ম: বিশজনীয়া তদন্ত কমিটী বিচাৰিলে স্বয়ং ৰূপজ্যোতি কুৰ্মীয়ে

বুধবাৰে মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাই মৰিয়নীত বিধায়ক পুঁজি ব্যৱহাৰত অনিয়মৰ অভিযোগ সন্দৰ্ভত চলাইছিল তদন্ত (CM vigilance investigation in Moriani)। এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ২০১১ চনৰ বিপৰীতে ২০০৬ চনৰ পৰা এতিয়ালৈকে তদন্ত কৰাৰ পোষকতা কৰে (MLA Rupjyoti Kurmi on CM vigilance investigation) ।

author img

By

Published : Jun 9, 2022, 7:24 PM IST

cm vigilance investigation
cm vigilance investigation

গুৱাহাটী, ৯ জুন : মৰিয়নীত দুৰ্নীতি নিবাৰক শাখাই চলোৱা তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi on CM vigilance investigation)। বুধবাৰে মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাই মৰিয়নীত বিধায়ক পুঁজি ব্যৱহাৰত অনিয়মৰ অভিযোগ সন্দৰ্ভত চলাইছিল তদন্ত । উল্লেখ্য যে, ২০১১ ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি ২০১৭ চনত এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ উত্থাপন কৰিছিল ।

বিশজনীয়া তদন্ত কমিটী বিচাৰিলে স্বয়ং ৰূপজ্যোতি কুৰ্মীয়ে

সেই অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নী আৰু যোৰহাট উপায়ুক্ত কাৰ্যালয়ত অনুসন্ধান চলাইছিল (cm vigilance investigation against Rupjyoti kurmi)। কিন্তু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চতুৰ্থবাৰৰ বাবে কংগ্ৰেছী বিধায়কৰূপে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমান পাছতে বিজেপিত যোগদান কৰে । ইয়াৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে চলা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তও একপ্ৰকাৰ স্তব্ধ হৈ পৰে । কিন্তু বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে মৰিয়নীত চলালে তদন্ত ।

এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ২০১১ চনৰ বিপৰীতে ২০০৬ চনৰ পৰা এতিয়ালৈকে তদন্ত কৰাৰ পোষকতা কৰে (CM vigilance investigation in Moriani )।

তেওঁ কয় যে, ২০০৬ চনৰ পৰা তেওঁ বিধায়ক হৈ আছে । গতিকে ২০০৬ চনৰ পৰা তদন্ত কৰক । চাৰিজনীয়া কিয় বিশজনীয়া তদন্ত কমিটী দিয়ক বুলি তেওঁ কয় । তেওঁ কয় যে, মৰিয়নি সমষ্টিৰ পৰা তেওঁ পাঁচবাৰ বিধায়ক হৈছে আৰু পাঁচবাৰ বিধায়ক হ'ব । ২৫ বছৰলৈ কোনেও মৰিয়নি সমষ্টিত তেওঁক ৰখাব নোৱাৰে বুলিও মন্তব্য কৰে বিধায়কজনে ।

লগতে পঢ়ক: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.