গুৱাহাটী,30 আগষ্ট: সম্প্ৰতি ভাৰতত কৰ’ণাত আক্ৰান্তই স্পৰ্শ কৰিছে 3,542,733 ৰ সংখ্যা৷ আক্ৰান্ত সকলৰ ভিতৰত 63,657 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে 2,713,933 গৰাকী ৷ তৎসত্বেও সম্পূৰ্ণৰূপে দেশত নিৰ্মূল হোৱা নাই ভাইৰাছবিধ ৷ দিনকদিনে দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ কৰ’ণা মহামাৰী ৰোধৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ভাৰত ৷
এই ব্যৰ্থতাৰ আঁৰত এচাম ৰাজনৈতিক শক্তি জড়িত হৈ থকা বুলি গুৰুতৰপূৰ্ণ অভিযোগ উত্থাপন কৰিছে জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ নভনীল বৰুৱাই ৷ বৰুৱাই কয়, একাংশই ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এই কাম কৰিছে ৷ লগতে ৰাজনৈতিক নেতা-পালিনেতাই কৰ’ণাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ পৰিৱৰ্তে জনপ্ৰিয়তা আৰ্জিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কৰ’ণা ভাইৰাছ ৰোধৰ সলনি কিমান টকা ব্যয় কৰিব পাৰি তাৰে প্ৰতিযোগিতাত ৰাজনৈতিক নেতাসকল নামি পৰাৰ অভিযোগ উত্থাপন কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে ৷