ETV Bharat / state

DGP reaction on police personnel death : আৰক্ষী জোৱানৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধানৰ

author img

By

Published : Aug 16, 2023, 3:00 PM IST

বিগত প্ৰায় ডেৰ মাহত কৰ্তব্যৰত অৱস্থাতে মৃত্যু ঘটিছে অসম আৰক্ষীৰ চাৰিজনকৈ জোৱানৰ ৷ এই মৃত্যুক সহজভাৱে মানি লোৱা নাই আৰক্ষী সঞ্চালক প্ৰধানে ৷

DGP reaction on police personnel death
আৰক্ষী জোৱানৰ মৃত্যু সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান

গুৱাহাটী, 16 আগষ্ট: গৰমত পেৰেডৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰাটো অস্বাভাৱিক নহয় - এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ । লক্ষণীয় বিষয় যে প্ৰায় প্ৰত্যেক বছৰেই 15 আগষ্টৰ পেৰেডৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰা দেখা যায় । কিন্তু শেহতীয়াকৈ কিছুদিন পূৰ্বে পেৰেড কৰাৰ সময়ত আৰক্ষীৰ এজন জোৱানৰ মৃত্যু হৈছিল ।

উক্ত ঘটনা সন্দৰ্ভত বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সংবাদ মাধ্যমে প্ৰশ্ন সোধাত সিঙে সংবাদ মাধ্যমৰ আগত কয় যে পেৰেডৰ সময়ত কেতিয়াবা কোনো আৰক্ষীৰ লোক ঢলি পৰাৰ ঘটনা কেৱল অসমতে হোৱা নাই । এনে ঘটনা দেশৰ বিভিন্ন ঠাইত হয় । এইটো অস্বাভাৱিক নহয়।

জোৱানজনৰ মৃত্যুৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় 'জোৱানজনৰ পূৰ্বতে কৰা তেজ আৰু আন পৰীক্ষাত কোনো ধৰণৰ সমস্যা ধৰা পৰা নাছিল । মূৰৰ বিষ অনুভৱ কৰা বুলি জনোৱাই জোৱানজনক পেৰেডত ভাগ লোৱাৰ বিপৰীতে বহিবলৈ দিয়া হৈছিল । কিন্তু তাৰ পিছতো জোৱানজনৰ মৃত্যু হৈছিল । সমগ্ৰ বিষয়টো পৰীক্ষা-নিৰীক্ষা কৰি চাব লাগিব । কাৰণ বিগত ডেৰ মাহত আৰক্ষীৰ চাৰিজন লোকৰ কৰ্ত্তব্যৰত অৱস্থাতে মৃত্যু হৈছে ।

সিঙে কয়, 'এই ঘটনাসমূহৰ অনুসন্ধান কৰি কাৰণটো জানিব লাগিব । যাতে এনে ঘটনা ভৱিষ্যতে ৰোধ কৰিব পৰা যায় ।' উল্লেখ্য যে কিছুদিন পূৰ্বে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ উদ্দেশ্যৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা পেৰেড অনুশীলনৰ সময়ত কুকিল দত্ত নামৰ এজন জোৱানৰ মৃত্যু হৈছিল । অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত আছিল জোৱানজন ।

ইতিমধ্যে আৰক্ষী জোৱানজনৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: Assam police BMI test: অগ্নিপৰীক্ষা আৰম্ভ ! তিনিমাহত কিমান মেদ কমালে অসম আৰক্ষীয়ে; 35 টা স্থানত চলিছে পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.