ETV Bharat / state

Police assaulting civilian in Guwahati: কি ক'লে ভুক্তভোগী বাইক আৰোহী বিকি গুপ্তাৰ পৰিবাৰে ?

বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰত পৰিয়ালৰ সন্মুখতে এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনা(Police assaulting civilian in Guwahati)ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিকি গুপ্তাৰ পত্নী পুনম গুপ্তাই । সমগ্ৰ ঘটনাটোত তেওঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ।

Paltan Bazar Incident
কি ক'লে ভুক্তভোগী বাইক আৰোহী বিকি গুপ্তাৰ পৰিবাৰে ?
author img

By

Published : Mar 19, 2022, 6:45 PM IST

গুৱাহাটী, ১৯ মাৰ্চ: ৰাজপথত পত্নী আৰু কনমানি সন্তানৰ সন্মূখতে বাইকত থকা এজন লোকক প্ৰহাৰ কৰাৰ ঘটনাৰ বাবে ইতিমধ্যে আৰক্ষীৰ দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ঘটনাটোৰ বাবে অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন (Cop suspended after trashing man in Paltan Bazar) কৰাৰ লগতে পল্টন বজাৰ থানাৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰত পৰিয়ালৰ সন্মুখতে এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল (Police assaulting civilian in Guwahati)। আৰক্ষীৰ প্ৰহাৰৰ সময়ত লোকজনৰ বাইকত তেওঁৰ পত্নী আৰু কনমানি সন্তানটিও আছিল । বাইকত থকা অৱস্থাত লোকজনক আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰাত তেওঁৰ পত্নী আৰু সন্তান পৰি গৈছিল সেই স্থানত । প্ৰহৃত লোকজনৰ নাম হৈছে বিকি প্ৰসাদ গুপ্তা । সম্প্ৰতি লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

কি ক'লে ভুক্তভোগী বাইক আৰোহী বিকি গুপ্তাৰ পৰিবাৰে ?

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিকি গুপ্তাৰ পত্নী পুনম গুপ্তাই । তেওঁ কয় যে, আৰক্ষীয়ে এনে ব্যৱহাৰ কৰিলে আমি চলিব নোৱাৰিম । ৰাস্তাত পুলিচে মুকলিকৈ দাদাগিৰি কৰি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে, প্ৰথমতে আৰক্ষীয়ে আমাক অতি বেয়া ভাষাৰে গালি পাৰিছিল । তাৰ পাছত মাৰপিট কৰা আৰম্ভ কৰে । দুৰ্ধৰ্ষ অপৰাধীৰ দৰে তেওঁৰ স্বামীক আৰক্ষীৰ লোককেইজনে প্ৰহাৰ কৰা বুলি তেওঁ সদৰি কৰে । সমগ্ৰ ঘটনাটোত তেওঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে ।

লগতে পঢ়ক: Police assaulting civilian in Guwahati: SI প্ৰণৱ কুমাৰ ডেকাক তৎকালীনভাৱে ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.