ETV Bharat / state

Rajya Sabha Election 2022 : ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া - ৰাজ্যসভাৰ নিৰ্বাচন 2022

আজি ৰাজ্যসভাৰ নিৰ্বাচন(Rajya Sabha Election 2022) ৷ ইতিমধ্যে শাসক-বিৰোধী সকলোৱে কৰিছে ভোটদান ৷ ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছে কৌশলী মন্তব্য(APCC president on Rajya Sabha election) ।

reaction-of-apcc-president-on-rajya-sabha-election-2022
ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 31, 2022, 1:51 PM IST

গুৱাহাটী, 31 মাৰ্চ: আজি ৰাজ্যসভাৰ নিৰ্বাচন(Rajya Sabha Election 2022) ৷ ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে ২৮ টা ভোটৰ গেৰাণ্টি লোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে নিৰ্বাচন চলি থকা সময়ত ৱাৰেণ্টিৰ কথা প্ৰকাশ(APCC president on Rajya Sabha election) কৰে ।

তেওঁ কয় যে, বিৰোধীৰ ভোটকেইটাৰ সন্দৰ্ভত পুলিং এজেণ্টে বিয়লি লিখিতভাৱে জনাব । আনহাতে, বিজেপি মিত্রজোঁটৰ চাৰিটা ভোট বাতিল কৰাৰ দাবী জনাই তেওঁ কয়, এই সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এটা দলে আজিয়েই নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিব ।

ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ইতিমধ্যে কংগ্ৰেছৰ পুলিং এজেণ্টে ৰিটাৰ্ণিং অফিচাৰক লিখিত অভিযোগ দিছে । নিৰ্বাচন চলি থকা কক্ষত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অতপালি চলোৱা বুলিও ভূপেন বৰাই অভিযোগ উত্থাপন কৰে ।

এই সকলোবোৰৰ উপৰিও কংগ্ৰেছৰ এটাও ভোট নষ্ট হোৱা নাই বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ আনহাতে এআইইউডিএফ দলে তেওঁক বিজেপিৰ এজেণ্ট বুলি কৰা অভিযোগ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে চাওক: Rajya Sabha election 2022: বিজেপি মিত্রজোঁটৰ 4 বিধায়কৰ ভোট বাতিলৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.