ETV Bharat / state

মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ আবেগিক অভিনেতা যতীন বৰা

author img

By

Published : Oct 9, 2019, 9:37 PM IST

Updated : Oct 9, 2019, 11:14 PM IST

আইতা সকলেও বৃদ্ধাশ্ৰমত উপস্থিত শিল্পী তথা কলা-কুশলী সকলক গামোচা আৰু এখনকৈ স্মাৰক আগবঢ়াই আশীৰ্বাদ প্ৰদান কৰে

মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ আবেগিক অভিনেতা যতীন বৰা

গুৱাহাটী, 9 অক্টোবৰঃ গুৱাহাটীৰ হাটীগাঁৱস্থিত মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত ৰত্নাকৰ টীম ৷ শনিবাৰে বৃদ্ধাশ্ৰম খনত উপস্থিত হৈ বৃদ্ধাশ্ৰমৰ আইতা সকলৰ পৰা আশীৰ্বাদ লয় শিল্পী সকলে ৷ আইতা সকলেও বৃদ্ধাশ্ৰমত গামোচা আৰু এখনকৈ স্মাৰক আগবঢ়াই আশীৰ্বাদ প্ৰদান কৰে ৰত্নাকৰৰ সমূহ শিল্পী তথা কলা-কুশলীক । যতীন বৰাই ৰত্নাকৰ চাবলৈ আইতাসকলক অনুৰোধ কৰাৰ উপৰিও ছবিখনৰ প্ৰিমীয়াৰ চাবলৈ নিমন্ত্ৰণ জনাই ৷ ছবিখনত বৃদ্ধাশ্ৰমৰ কথা সুন্দৰকৈ উপস্থাপন কৰা হৈছে বুলি মন্তব্য কৰি আবেগিক হৈ পৰে প্ৰযোজক তথা ৰত্নাকৰৰ মুখ্য অভিনেতা যতীন বৰা ৷

ৰত্নাকৰ ছবিৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে বৃদ্ধাশ্ৰম খনৰ আইতা সকলৰ লগত গান-নাচ পৰিবেশন কৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷ আইতা সকলেও কলা-কুশলী সকলক ওচৰত পাই আত্মহাৰা হৈ পৰে ৷

মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ আবেগিক অভিনেতা যতীন বৰা

উল্লেখ্য যে, বৃহস্পতিবাৰে চান্দমাৰি অভিযান্ত্ৰিক খেল পথাৰলৈ বাইক ৰেলীৰ আয়োজন কৰা হ'ব বুলি জনায় ৰত্নাকৰ কলা-কুশলীসকলে ৷ বাইক ৰেলীত ৰত্নাকৰ টীমৰ সমূহ কলা-কুশলী উপস্থিত থকাৰ লগতে ৰেলীত হেলমেট পৰিধান কৰি আহিবলৈ আহ্বান জনায় অংশগ্ৰহণকাৰী সকলক ।

Intro:মাদাৰ বৃদ্ধাশ্ৰমত অসমীয়া চিনেমা ৰত্নাকৰৰ কলা কুশলিBody: মহানগৰীৰ হাটীগাঁও স্থিত মাদাৰ বৃদ্ধাশ্ৰমত আহি উপস্থিত হয় আগন্তুক অসমীয়া চিনেমা ৰত্নাকৰৰ কলা কুশলি সকল । উপস্থিত থাকে বিশিষ্ট অভিনেতা তথা ৰত্নাকৰ পৰিচালক প্ৰযোজক যতীন বৰা অভিনেত্ৰী নিশিতা গোস্বামী , বৰষাৰাণী বিষয়া আৰু আন আনকলা কুশলি সকল । বৃদ্ধাশ্ৰম খনত উপস্থিতহৈ বৃদ্ধাশ্ৰম খনত থকা আইতা সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে শিল্পী সকলে । আইতা সকলেও শিল্পী সকলক এখনকৈ ফুলাম গামোচা আৰু মেমন্ত আগ বঢ়াই আশীৰ্বাদ প্ৰদান কৰে । প্ৰযোজক যতীন বৰাই আইতা সকলক কাষতে পাই চিনেমাখন চোৱাৰ আহ্বান জনায় আবেগিক হৈ পৰে । কিয়নো চিনেমাখনত বৃদ্ধআশ্ৰমৰ কথা সুন্দৰকৈ উপস্থাপন কৰা বুলিও প্ৰকাশ কৰে । লগতে চিনেমা খনৰ প্ৰিমীয়াৰ চাবলৈও নিমন্ত্ৰণ জনাই । অভিনেতা তথা প্ৰযোজক যতীন বৰাৰ লগতে অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে ৰাইজলৈ আহ্বান জনাই যে সকলোৱে এই চিনেমাখন উপভোগ কৰে আৰু পাইৰাচিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই আৰু যদি কোনো অসাধু লোকে পাইৰাচিৰ কৰে তেনেহলে তেখেত সকলৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনাই । লগতে বৃদ্ধা আশ্ৰম খনৰ আইতা সকলৰ লগত অভিনেত্ৰী দুয়োগৰাকীয়ে গান নাচ পৰিবেশন কৰি আনন্দ উল্লাস কৰে । আইতা সকলেও কলা কুশলি সকলক ওচৰত পাই বিহু গান এফাকি গাই ।লগতে অহা কালিলৈ কামাখ্যা গেটৰ পৰা চান্দমাৰী স্থিত অভিযান্ত্ৰিক খেল পথাৰলৈ এখনি বাইক ৰেলিৰ আয়োজন কৰা হব যত ৰত্নাকৰ পৰিয়ালৰ সকলো কলাকুশলী সকল উপস্থিত থাকিব লগতে সকলোকে হেলমেট পৰিধান কৰি আহিবলৈ আহ্বান জনায় ।Conclusion:Asrar Ansari
Guwahati
Last Updated : Oct 9, 2019, 11:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.