ETV Bharat / state

অসমৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে

author img

By

Published : Jan 21, 2021, 10:41 PM IST

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ আহিব নৱ গঠিত দল ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ মৌলানা আমিৰ ৰাচানী মাদানী ৷ অসমৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে ৷

assam election
assam election

গুৱাহাটী, 21 জানুৱাৰী : অসমৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নৱ গঠিত দল ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে ৷ বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এই কথা ঘোষণা কৰে দলটোৰ ৰাজ্যিক বিষয়ববীয়াই ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমলৈ আহিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা আমিৰ ৰাচানী মাদানী ৷ উল্লেখ্য নৱ গঠিত এই দলটোৱে ৭০ টা সমষ্টিত সাংগঠনিক ভেটি সুদৃঢ় কৰাত কাম কৰি থকা বুলি মন্তব্য কৰে ৷ সংবাদমেলতে দলটোৰ নেতৃত্বই বিজেপিৰ এজন মন্ত্ৰীয়ে সংখ্যালঘু মানুহৰ ভোট নালাগে বুলি কোৱা মন্তব্যকো তীব্ৰ সমালোচনা কৰে ৷

অসমৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে

তেওঁলোকে কয় যে এনে ধৰণৰ মন্তব্য কৰি বিজেপি চৰকাৰে মুছলমান সমাজক হেয় প্ৰতিপন্ন কৰিছে ৷ লগতে এই চৰকাৰৰ দিনত ৰাজ্যত ব্যাপক হাৰত সাম্প্ৰদায়িক সংঘৰ্ষৰো সৃষ্টি হৈছে বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰিও হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাও মুছলমান সমাজক লৈ বিভিন্ন কটু কথা কৈ সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ কৰে নৱ গঠিত দলটোৱে ৷

লগতে পঢ়ক : মন্ত্ৰী পীযুষৰ মন্তব্যই স্বপ্নভংগ কৰিলে বহু বিজেপি নেতাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.