গুৱাহাটী,৬ ফেব্ৰুৱাৰী : গুৱাহাটীত ৰহস্যজনক ঘটনা । মালিগাঁৱৰ কামাখ্যা ৰেল' ষ্টেচনত উদ্ধাৰ ২৩৫ টাকৈ বিৰল প্ৰজাতিৰ কাছ (235 turtles recovered in Kamakhaya Railway Station)। শনিবাৰে নিশা ৰেল সুৰক্ষা বাহিনীয়ে(RPF) তালাচীৰ মাজতে যাত্ৰীবাহী ৰেলৰ পৰা উদ্ধাৰ কৰে জীৱিত কাছকেইটা । ১০ টা বেগৰ ভিতৰত কাছখিনি লুকুৱাই অনাৰ চেষ্টা কৰা হৈছিল ।
![Illegal trafficking of wildlife in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14388714_1059_14388714_1644146158439.png)
আৰপিএফ কতৃপক্ষই জনোৱা মতে ১৯৩০৫ নম্বৰৰ উজনিমুৱা ইন্দোৰ-কামাখ্যা ৰেলখনত উদ্ধাৰ কৰা হয় কাছকেইটা । নিয়মীয়া তালাচীৰ সময়তে জোৱানসকলে গৰাকী বিহীন ১০ টা বেগ উদ্ধাৰ কৰে । তাৰ পাছতে বেগবোৰ পৰীক্ষা কৰাত কাছকেইটা পোৱা যায় ।
ইতিমধ্যে উদ্ধাৰকাৰী দলটোৱে কাছকেইটা বন বিভাগক হস্তান্তৰ কৰে । ইফালে বন্যপ্ৰাণী সুৰক্ষা আইনৰ আধাৰত এক গোচৰ ৰুজু কৰা হৈছে লগতে কাছকেইটাৰ চিকিৎসা আৰু সংৰক্ষণৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হৈছে ।
লগতে পঢ়ক :Fertilizer scam: নগাঁৱত চৰকাৰী সাৰৰ ক'লা বেহা, আটক তিনিজন