ETV Bharat / state

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ সদৌ অসম দেৱালয় সংঘ - "ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ,

বিধায়ক ৰমাকান্ত দেউৰীৰয়ে ব্ৰাহ্মণ সমাজক উদ্দেশ্যি কৰা অপমান সূচক মন্তব্যৰ বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিক্ৰিয়া অব্যাহত ৷ সদৌ অসম দেৱালয় সংঘই দেউৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই ৷

ramakanta controversy Feedback Sadou Asom Devalaya Sangha
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰব সদৌ অসম দেৱালয় সংঘ
author img

By

Published : Oct 7, 2020, 7:39 AM IST

গুৱাহাটী,7 অক্টোবৰঃ ৰাজহুৱা সভাত বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সমাজক কৰা অপমানৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধায়কগৰাকীৰ এনে সংযমহীন আচৰণক সহজভাৱে ল'ব পৰা নাই সচেতন মহলে। উল্লেখযোগ্য যে, উক্ত ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়া দেখি মঙলবাৰে ক্ষমা ভিক্ষা মাগিছে বিধায়ক গৰাকীয়ে। আৱেগিক হৈ এনে মন্তব্য কৰা বুলি উল্লেখ কৰে বিধায়ক ৰমাকান্তই।

ইফালে বিধায়কগৰাকীৰ এনে অশোভনীয় আচৰণক গৰিহণা দিছে সদৌ অসম দেৱালয় সংঘই। সদৌ অসম দেৱালয় সংঘৰ সভাপতি আৰু প্ৰধান সম্পাদক ক্ৰমে সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু কৈলাশ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকে কয়, "ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ, গোসাঁই আৰু মহন্ত সম্প্ৰদায়ৰ বিৰুদ্ধে অশালীন-বিৰূপ মন্তব্য দিয়াৰ উপৰিও এইসকলক টুকুৰা টুকুৰকৈ কাটিব বুলি কৈ হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন জাতি, জনজাতি আৰু জনগোষ্ঠীৰ পৱিত্ৰ মিলনভূমিৰূপে খ্যাত প্ৰাচীন কামৰূপ তথা বৰ্তমানৰ অসমত এক ভয়ংকৰ পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিছো।"

আনহাতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ উঠিপৰি লগা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনাইছে সদৌ অসম দেৱালয় সংঘই।

লগতে পঢ়কঃ বোকাখাত আৰক্ষীৰ অভিযানত চোৰাং গড় চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.