ETV Bharat / state

বৰ্খাস্ত নোহোৱাকৈয়ে কাৰ্যকাল শেষ হ'ল ৰাকেশ পালৰ - ৰাকেশ পাল

বৰ্খাস্ত নোহোৱাকৈয়ে অৱসৰ ল'লে অসম লোকসেৱা আয়োগৰ এসময়ৰ অধ্যক্ষ ৰাকেশ পালে ৷ গ্ৰেপ্তাৰ হোৱাৰে পৰা এতিয়ালৈ সুদীৰ্ঘ ৩৭ মাহে তেওঁ লাভ কৰি থাকিল আধা মাহৰ দৰমহা ৷

কাৰ্যকাল শেষ হ'ল ৰাকেশ পালৰ
কাৰ্যকাল শেষ হ'ল ৰাকেশ পালৰ
author img

By

Published : Feb 9, 2020, 9:26 PM IST

গুৱাহাটী , ৯ ফেব্ৰুৱাৰীঃ কাৰ্যকাল শেষ হ'ল অসম লোকসেৱা আয়োগক কাললৈ কলংকিত কৰি থৈ যোৱা ৰাকেশ পালৰ ৷ কিন্তু অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত নোহোৱাকৈয়ে অৱসৰ ল'লে ৰাকেশ পালে ৷ কোটি টকীয়া নিয়োগ কেলেংকাৰীৰ লগত জড়িত অভিযুক্তগৰাকী নহ'ল নিজ পদবীৰ পৰা বৰ্খাস্ত ৷ সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰাকেশ পালক অসম চৰকাৰে অধ্যক্ষ পদৰ পৰা নিলম্বিতহে কৰিছিল, বৰ্খাস্ত নহয় ৷ অৰ্থাৎ গ্ৰেপ্তাৰ হোৱাৰে পৰা এতিয়ালৈ সুদীৰ্ঘ ৩৭ মাহে তেওঁ লাভ কৰি থাকিল আধা মাহৰ দৰমহা ৷

লগতে পঢ়ক ঃ বৰপেটাৰোডত ম'হ ভৰ্তি ট্ৰাক উদ্ধাৰ

Intro:গুৱাহাটী , ৯ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগক কাললৈ কলংকিত কৰি থৈ যোৱা ৰাকেশ পালৰ কাৰ্যকাল শেষ হ'ল । কিন্তু আমোদজনক কথাটো হ'ল অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত নোহোৱাকৈয়ে অৱসৰ ললে ৰাকেশ পালে । কোটি টকীয়া নিয়োগ কেলেংকাৰীৰ মহানায়ক গৰাকীৰ বাবে ইয়াতকৈ সুখৰ কথা আৰু কি হব পাৰে ! সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হৈ থকা ৰাকেশ পালক জাতি , মাটি , ভেটিৰ কথা কোৱা চৰকাৰখনে অধ্যক্ষ পদৰ পৰা নিলম্বিতহে কৰিছিল , বৰ্খাস্ত নহয় । অৰ্থাৎ গ্ৰেপ্তাৰ হোৱাৰে পৰা এতিয়ালৈ সুদীৰ্ঘ ৩৭ মাহে তেওঁ লাভ কৰি থাকিল আধা মাহৰ দৰমহা ।Body:লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো এটা সাংবিধানিক পদ হোৱা হেতুকে অধ্যক্ষ গৰাকীৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাটো ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনে অসম্ভৱ । ২০১৬ চনৰ ৪ নৱেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে তেওঁক নিলম্বন কৰা হৈছিল যদিও বৰ্খাস্তকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে বৰ বিশেষ আগ্ৰহ দেখুওৱা নাছিল ৰহস্যজনক কাৰণত ।Conclusion:ৰাকেশ পালক বৰ্খাস্ত সম্পৰ্কীয় ফাইলো চৰকাৰী অধিবক্তাৰ গা এৰা দিয়া মনোভাবৰ বাবে উচ্চতম ন্যায়ালয়তে পৰি থাকিল আৰু বৰ্খাস্ত অবিহনেই নিজৰ কাৰ্যকালৰ পৰা অৱসৰ ললে ৰাকেশ পালে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.