ETV Bharat / state

ৰাজ্যসভাৰ ভোট: নিশা এপৰলৈকে স্থগিত ভোটগণনা

author img

By

Published : Mar 31, 2022, 10:51 PM IST

Updated : Apr 1, 2022, 8:34 AM IST

পুৱাৰে পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও বিৰোধী দল কংগ্ৰেছে ভোটৰ প্ৰক্ৰিয়াত কেতবোৰ আসোৱাহ ৰৈ যোৱাৰ অভিযোগ তোলাৰ পৰিপ্ৰেক্ষিতত নিশা এপৰলৈকে ভোটগণনা হোৱা নাই (Rajyasabha election counting) । সবিশেষ জানো আহক ৷

rajyasabha-election-vote-counting-postponed
ৰাজ্যসভাৰ ভোট: নিশা এপৰলৈকে স্থগিত ভোটগননা

গুৱাহাটী, ৩১ মাৰ্চ : যেন কালিকাহে লাগিল ৰাজ্যসভাৰ নিৰ্বাচনত (Rajya sabha election 2022) ! আজি পুৱাৰে পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও বিৰোধী দল কংগ্ৰেছে ভোটৰ প্ৰক্ৰিয়াত কেতবোৰ আঁসোৱাহ ৰৈ যোৱাৰ অভিযোগ তোলাৰ পৰিপ্ৰেক্ষিতত নিশা এপৰলৈকে ভোটগণনা হোৱা নাই ।

শাসকীয় পক্ষৰ চাৰিজনকৈ বিধায়ক ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী, সঞ্জয় কিষাণ, দুৰ্গাদাস বড়ো আৰু গণেশ লিম্বুৱে আজি ভোটদান কৰি উঠিয়েই তেওঁলোকৰ বেলট কাকত সমূহ ৰাজহুৱাকৈ দেখুৱাইছিল । বিৰোধী কংগ্ৰেছ দলে লগে লগেই এই অভিযোগ দাখিল কৰিছিল দেশৰ নিৰ্বাচন আয়োগক (Congress files complaint to EC) । একেসময়তে কংগ্ৰেছ বিধায়ক হৈ থাকিও দলীয় হুইপ অমান্য কৰি বিজেপিৰ প্ৰাৰ্থীক আজি ভোট দিয়ে বিতৰ্কিত ৰহাৰ বিধায়ক শশীকান্ত দাসে ।

কংগ্ৰেছে লগে লগে এই অভিযোগো দাখিল কৰে নিৰ্বাচন আয়োগক । কংগ্ৰেছৰ দাবী- শশীকান্ত দাসৰ ভোটটো নাকচ কৰা হওক । ইয়াৰ পৰিপ্ৰেক্ষিততে স্থগিত ৰাখিব লগীয়া হ’ল ভোটগণনা প্ৰক্ৰিয়া ।

যাৰ ফলস্বৰূপে আজি সন্ধিয়া ৫ বজাতে ভোটগণনা হোৱাৰ কথা আছিল যদিও নিশা এই বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত (10.45 বজা) আৰম্ভ হোৱা নাই ভোটগণনা । কিয়নো, এই পৰ্যন্ত দেশৰ নিৰ্বাচন আয়োগে দিয়া নাই ভোটগননাৰ সেউজ সংকেত । কংগ্ৰেছৰ অভিযোগ যে গুৰুতৰ সেয়া ভোটগণনাত পলম হোৱা ঘটনাই স্পষ্ট কৰি তুলিছে ।

লগতে পঢ়ক : AFSPA মুক্ত হ’ল অসমৰ ৬০ শতাংশ অঞ্চল

Last Updated : Apr 1, 2022, 8:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.