ETV Bharat / state

নাথাকিব অসমৰ প্ৰতিনিধি, কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা ? - Rajya Sabha will not have a single Congress MP from Assam

অহা ২ এপ্ৰিলত কংগ্ৰেছৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল শেষ হ'ব । খালী দুয়োখন আসনৰ বাবে অহা ৩১ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন (Rajya Sabha election 2022)। কিন্তু এইবাৰ বিৰোধী কংগ্ৰেছৰ হাতত নাথকিব নেকি এখনো আসন ? ইতিমধ্যে শাসকীয় বিজেপি মিত্ৰজোঁটে দুয়োখন আসন দখল কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে ।

Assam
কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা
author img

By

Published : Mar 18, 2022, 4:12 PM IST

গুৱাহাটী, ১৮ মাৰ্চ : সুদীৰ্ঘ সময়ৰ ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত এনে নজিৰ নাছিল । ৰাজ্যসভাত কেতিয়াও অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূণ্য হোৱা নাছিল । কিন্তু এইবাৰ হয়তো হ'ব । ৰাজ্যসভাত থকা অসমৰ আসন কেইখনৰ এখনতো হয়তো নাথাকিব পাৰে কংগ্ৰেছৰ সাংসদ (Assam Congress representative not to be in Rajya Sabha)।

আজিৰ তাৰিখত ৰাজ্যসভাত অসমৰ দুগৰাকীয়েই সাংসদ আছে । ৰিপুণ বৰা আৰু ৰাণী নৰহ । দুয়োৰে কাৰ্যকাল ২ এপ্ৰিলত শেষ হ'ব । খালী হ'বলগীয়া এই আসন দুখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৩১ মাৰ্চত (Rajya Sabha election 2022)।

Assam
কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা

বিজেপিয়ে‌ সংখ্যাৰ ফালৰ পৰা ইয়াৰে এখনহে আসন লাভ কৰাটো সম্ভৱ । কিন্তু কংগ্ৰেছৰ আভ্যন্তৰত চলি থকা খিয়লা-খিয়লি আৰু শীতল গৃহযুদ্ধৰ পূৰ্ণ সুযোগ ল'বলৈ সাজু আগ্ৰাসী বিজেপি । যাৰ বাবে প্ৰতিনিয়ত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই সজোৰে দাবী কৰি আহিছে যে কংগ্ৰেছ বা বিৰোধীয়ে কুচকাৱাজ যিমানেই নকৰক কিয়, দ্বিতীয়খন আসন নাপায় । সেইখন আসনো বিজেপিয়ে নিজৰ দখললৈ আনিব ।

যদি বিজেপিৰ এই দাবী বাস্তৱায়িত হয় আৰু হোৱাৰ সম্ভাৱনাই বেছি তেন্তে ৰাজ্যসভাৰ সংসদীয় ৰাজনীতিত ঘটিব পূৰ্বতে কেতিয়াও নঘটা সেই ঘটনা । ৰাজ্যসভাত অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূন্য হ'ব । ৰাণী নৰহ আৰু ৰিপুণ বৰাই হয়তো হ'ব ৰাজ্যসভাত অন্তিম অসমৰ পৰা যোৱা কংগ্ৰেছৰ প্ৰতিনিধি ।

Assam
কংগ্ৰেছ শূন্য হ'ব নেকি ৰাজ্যসভা

অৱশ্যে ৰাজ্যসভাত কংগ্ৰেছ সম্পূৰ্ণ শূন্য হ’লেও এজন কংগ্ৰেছ সমৰ্থিত সাংসদ থাকিব ৷ তেওঁ হ’ল অজিত কুমাৰ ভূঞা ৷ ইতিমধ্যে, বিজেপি দুশ শতাংশ নিশ্চিত হৈছে যে এখন নহয় দুয়োখন আসনেই তেওঁলোকে লাভ কৰিব (Bjp claims to win second seat of Rajya Sabha)। এখনত থাকিব বিজেপিৰ নিজা প্ৰাৰ্থী আৰু আনখনত থাকিব মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী । অৰ্থাৎ ৰাজ্যসভাৰ পৰা কংগ্ৰেছক একেবাৰে বিদায় দি দুয়োখন আসনেই থাকিব শাসক দলৰ পক্ষত ।

পৰ্যাপ্ত বিধায়ক বা ভোটৰ সংখ্যা নথকা স্বত্বেও দুয়োখন আসন কেনেদৰে‌ শাসকপক্ষই কুক্ষিগত কৰিব তাৰো অংক ইতিমধ্যে বিজেপিয়ে কৰি পেলাইছে । ইপিনে বিজয়ৰ পথ সহজ আৰু মসৃণ নহয় বুলি জানিও ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থিত্ব পাবলৈ খোৱা কামোৰা অব্যাহত আছে ৰাজ্যৰ কংগ্ৰেছ দলৰ ভিতৰচ'ৰাত । কাৰ্যকাল শেষ হ'বলৈ ওলোৱা ৰিপুণ বৰাই পুনৰ বিচাৰিছে প্ৰাৰ্থিত্ব ।

আনহাতে, ১৬ মাৰ্চৰ নিশা কইনাধৰাৰ চৰকাৰী অতিথিশালাত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ বৈঠকে দুয়োখন আসনৰ বাবে তিনিজনীয়া পেনেল প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈ পঠিয়াইছে । প্ৰথমখন আসনৰ বাবে বিজেপিৰ দুই যুৱ নেতা পুলক গোঁহাই আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দ্বিতীয়খন আসনৰ বাবে ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীৰ নাম সেই পেনেলত অন্তৰ্ভুক্ত হৈছে ।

লগতে পঢ়ক :ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিৰোধীৰ জয়ৰ আশা ক্ষীণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.