ETV Bharat / state

এপ্ৰিলত ৰাজ্যসভাত প্ৰতিনিধি শূন্য হ'ব অসম কংগ্ৰেছ !

author img

By

Published : Dec 28, 2021, 3:28 PM IST

ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কার্যকাল ২ এপ্রিলত সমাপ্ত হ'ব(Representation of Assam Congress in Rajya Sabha) । দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনত এখন আসনত জয়ী হ’বলৈ ৪২গৰাকী বিধায়কৰ সমর্থনৰ প্রয়োজন । কিন্তু আজিৰ তাৰিখত সদনত কংগ্রেছৰ শক্তি মাত্র ২৫ । এই শক্তি আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

Assam Congress
ৰাজ্যসভাত প্ৰতিনিধি শূন্য হোৱাৰ দিশে অসম কংগ্ৰেছ

গুৱাহাটী, ২৮ ডিচেম্বৰ: ৰাজ্যসভাত অসমৰ কংগ্রেছৰ প্রতিনিধি শূন্য হোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে(Rajya Sabha will have zero representation from Assam Congress in April) । বিগত বিধানসভা নির্বাচনত কংগ্রেছৰ শোচনীয় বিপর্যয় আৰু পৰৱর্তী পর্যায়ত দলটোৰ বিধায়কৰ বিজেপি গমনৰ পৰিপ্রেক্ষিততে দুখন আসনৰ বাবে হ’বলগীয়া নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে কার্যতঃ শক্তিহীন হৈ পৰিছে কংগ্রেছ দল । উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কার্যকাল ২ এপ্রিলত সামৰণি পৰিব । ইয়াৰ পৰিপ্রেক্ষিতত মার্চ মাহত ৰাজ্যখনত দুখন আসনৰ বাবে ৰাজ্যসভা নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে (March date for Rajya Sabha election from Assam) ।

পিছে খালী হ’বলগীয়া ৰাজ্যসভাৰ কংগ্রেছৰ সেই দুখন আসনৰ ভিতৰত আজিৰ তাৰিখত কংগ্রেছ দল এখনতো জয়ী হোৱাৰ শক্তি নাই । বর্তমান অসম বিধানসভাত বিজেপিৰ ৬২, কংগ্রেছৰ ২৭, এ আই ইউ ডি এফৰ ১৫, অগপৰ ৯, ইউ পি পি এলৰ ৭, বি পি এফৰ ৩, চি পি আই (এম)ৰ ১ আৰু ৰাইজৰ দলৰ এগৰাকী বিধায়ক আছে । কিন্তু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু ৰহাৰ বিধায়ক শশীকান্ত দাস এই মূহুর্তলৈ নামতহে কংগ্রেছৰ বিধায়ক । শ্বেৰমান আলী আহমেদে কংগ্রেছ দলত নথকাটো ইতিমধ্যে স্পষ্ট কৰি দিয়াৰ বিপৰীতে শশীকান্ত দাসে তেওঁৰ সমষ্টিৰ উন্নয়নৰ স্বার্থত চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতহে থাকিব বুলি প্রকাশ কৰিছে ।

সেই অনুসৰি, কংগ্রেছৰ বিধায়কৰ সংখ্যা এই মূহুর্তত ২৫ গৰাকী বুলি ক’ব পাৰি । ইফালে, আন কেইবাজনো কংগ্ৰেছী বিধায়ক বিজেপিলৈ যোৱাৰ কথা বৰ্তমান চৰ্চিত হৈ আছে । তেনেস্থলত উচ্চ সদনত অসম কংগ্ৰেছ অস্তিত্বহীন হোৱাটো নিশ্চিত হৈ পৰিছে(Assam Congress representative in Rajya Sabha) ।

আনহাতে, সদনৰ মজিয়াত বিজেপি মিত্রজোঁটৰ শক্তি ৭৮ ৷ দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনত এখন আসনত জয়ী হ’বলৈ ৪২গৰাকী বিধায়কৰ সমর্থনৰ প্রয়োজন । কিন্তু আজিৰ তাৰিখত সদনত কংগ্রেছৰ শক্তি মাত্র ২৫ ৷ চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাইজৰ দলৰ অখিল গগৈয়ে ৰাজ্যসভা নির্বাচনত কংগ্রেছৰ পক্ষ ল’লে বিৰোধী দলটোৰ শক্তি ২৭ লৈহে বৃদ্ধি পাব ৷

অথচ কংগ্রেছে এখন আসন দখল কৰিবলৈ হ’লে প্রয়োজন হ’ব অতিৰিক্ত ১৫ গৰাকী বিধায়কৰ সমর্থন । সদনৰ মজিয়াত আজিৰ তাৰিখত এ আই ইউ ডি এফৰ বিধায়কৰ সংখ্যা ১৫ গৰাকী । কিন্তু, এ আই ইউ ডি এফ দলে অতি সহজে বিনা চর্তে কংগ্রেছৰ প্রার্থীক সমর্থন দিয়াৰ সম্ভাৱনাও নাই । এ আই ইউ ডি এফৰ এক সূত্রৰ পৰা জানিব পৰা মতে, যদিহে ৰাজ্যসভা নির্বাচনত কংগ্রেছে তেওঁলোকৰ পৰা সমর্থন বিচাৰে, তেতিয়াহ’লে এ আই ইউ ডি এফে তেওঁলোকৰ পছন্দ অনুসৰিহে প্রার্থিত্ব দিয়াৰ দাবী উত্থাপন কৰিব আৰু ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনত ধুবুৰী, বৰপেটা, শিলচৰ, কৰিমগঞ্জ, নগাঁও আৰু মঙলদৈ সমষ্টি তেওঁলোকক এৰি দিয়াৰ চর্ত আৰোপ কৰিব ৷

কংগ্রেছ সেই দাবীত সন্মত হ’লেহে তেওঁলোকে পুনৰ মিত্রতা কৰিব ৷ ইপিনে, ৰাজ্যসভাৰ এখন আসনৰ স্বার্থত এ আই ইউ ডি এফৰে মিত্রতাপাশত আবদ্ধ হোৱাটো কংগ্রেছৰ এটা শিবিৰে নিবিচাৰে । প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিগত বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা কৰাটো কংগ্রেছৰ এক ডাঙৰ ভুল আছিল । দলে সেই ভুল পুনৰ কৰিব নিবিচাৰে ।

ৰাজ্যসভাৰ এখন আসনতো নিজাববীয়াকৈ জিকাৰ শক্তি যিহেতু কংগ্রেছৰ নাই, সেয়ে অহা ৰাজ্যসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰাই বিৰত থকাৰ পোষকতা কৰিছে দলটোৰ একাংশই । সূত্রটোৰ মতে কংগ্রেছে পুনৰ এ আই ইউ ডি এফৰে মিত্রতা কৰা মানেই মূলসুঁতিৰ অসমীয়া লোকসকলক কংগ্রেছৰ পৰা আঁতৰাই পঠিওৱাহে হ’ব ৷ ইয়াৰ ফলত বিজেপি অধিক লাভান্বিত হ’ব আৰু কংগ্রেছৰ ভিতৰচ’ৰাত আভ্যন্তৰীণ বাদ-বিসম্বাদ অধিক তীব্রতৰ হ’ব ৷ তদুপৰি এ আই ইউ ডি এফৰ লগতে চি পি আই (এম), ৰাইজৰ দলৰ সমর্থন লৈ ৰাজ্যসভালৈ নির্বাচিত হোৱা প্রতিনিধিজন যথেষ্ট চাপত থাকিব লাগিব বুলিও উল্লেখ কৰি সূত্রটোৱে জনাই যে, বিগত বিধানসভা নির্বাচনত কংগ্রেছে এ আই ইউ ডি এফ, বি পি এফ, চি পি আই, চি পি আই (এম), আঞ্চলিক গণমর্চা, ৰাষ্ট্রীয় জনতা দল আদিৰ সৈতে মিত্রতা কৰি বহু সমষ্টিত হাতৰ কুঠাৰ ভৰিত মাৰিব লগীয়া হৈছিল ।

কোনো এটা সমষ্টিতে গণভিত্তি নথকা আঞ্চলিক গণমর্চাৰ দৰে দলক দিছপুৰ, বোকাখাত সমষ্টি এৰি দিবলগীয়া হৈছিল । অনুৰূপ ধৰণে তিনিচুকীয়া সমষ্টি ৰাষ্ট্রীয় জনতা দলক এৰি দিবলগীয়া হৈছিল। এই মিত্রতাই সংশ্লিষ্ট সমষ্টিসমূহৰ কংগ্রেছী ভোটাৰসকলক ক্ষুণ্ণ কৰিছিল । সেই ছবিখন নির্বাচনী ফলাফলতেই স্পষ্ট হৈ পৰিছিল । সেয়ে কংগ্রেছে তৃণমূল পর্যায়ৰ কংগ্রেছীক হতাশ কৰিব পৰা কোনো সিদ্ধান্ত লোৱাৰ পক্ষপাতি নহয় আৰু ফলত মার্চ মাহত হ’বলগীয়া ৰাজ্যসভা নির্বাচনত অসমত কংগ্রেছৰ প্রতিনিধি শূন্য হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক:মে'ৰ পৰা পাণ্ডুত আৰম্ভ হ'ব জাহাজ মেৰামতিৰ কাম : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.