গুৱাহাটী,১৯ এপ্ৰিল: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈ থকাৰ পৰাই সংঘটিত কৰি আহিছে বিশুদ্ধ খোৱা পানীৰ নামত ভয়ানক কেলেংকাৰী ।" এই অভিযোগ ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত ভূঞাৰ(Ajit Bhuyan accuses CM of scam) ।
মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি তেওঁ মহানগৰীত বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সম্পৰ্কত কয় যে, একেৰাহে ২১ বছৰ কাল গুৱাহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্ৰভাৱ শালী মন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটোপাল বিশুদ্ধ খোৱা পানী খুৱাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেই কথা তেওঁ মানি নল’লেও গুৱাহাটীৰ ৰাইজে ভালকৈয়ে বুজি উঠিছে ।
সাংসদ গৰাকীয়ে কয় যে, বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কানিৰ্বাহ কৰা আৰু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ মন্ত্রীত্বৰ কালতে আৰম্ভ কৰা পানী যোগান প্রকল্পৰ পানী আজি ১৩ বছৰে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক খুৱাব নোৱাৰিলে । সেইজন মানুহে এতিয়া গুৱাহাটী পৌৰ নিগমৰ ভোটৰ লালসাত ৰাইজক আকৌ জীয়া ফাঁকি দিছে, যে জুলাই মাহৰ পৰা ৰাইজে পানী পাব ।
লগতে তেওঁ কয়, দুর্ভাগ্যজনক কথা যে হেজাৰ হেজাৰ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ মেট্র’পলিটান এলেকাত নাগৰিকে বলে পৰা দৰত, বিশ্বাসযোগ্য, নিৰাপদ, উচ্চ-চাপমুক্ত আৰু অহর্নিশে যোগানক্ষম বিশুদ্ধ পানী যোগানৰ বাবে সমগ্র মহানগৰীত কাহানিবাই আৰম্ভ কৰা তিনিটাকে বৃহৎ বৃহৎ পানী যোগান প্রকল্পৰ এটাও আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল ।
২০০৯ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ন্যস্ত থকা সময়তে এই প্ৰকল্প কেইটাৰ কাম আৰম্ভ কৰা হৈছিল । তাৰ এটা জাপানৰ জাইকাৰ সহযোগত এটা এছিয়ান ডেভেলপমেন্ট বেংকৰ সহযোগত আৰু তৃতীয়টো জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে আৰম্ভ কৰা হৈছিল ।
যোৱা ২০২১ চনৰ ১৩ ডিচেম্বৰত ৰাজ্যসভাত সাংসদগৰাকীয়ে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাবে পানী যোগান আঁচনি সন্দৰ্ভত উত্থাপন কৰা ১৭০৮ নং প্রশ্নৰ উদ্ধৃতি দি ভূঞাই কয়, আমাৰ প্রশ্নটোৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ল যে বিভিন্ন কাৰণত উত্তৰ গুৱাহাটীকে ধৰি বৃহত্তৰ গুৱাহাটীত আৰম্ভ কৰা মুঠ চাৰিটা পানী যোগান প্রকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা হোৱা নাই । ইয়াৰ মূল ধাৰণ হিচাপে কোৱা হ'ল যে ৰেল বিভাগ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু অসমৰ লোক নিৰ্মাণ বিভাগে প্রয়োজনীয় অনুমতি নিদিয়াত বিলম্বন ঘটাইছিল ।
ইয়াৰ উপৰি হাস্যকৰ কথাটো হ'ল যে চৰকাৰে যে ক’ভিড-১৯ এ সৃষ্টি কৰা ভয়াৱহতাৰ বাবে এই কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাই বুলি উল্লেখ কৰিছে । ক’ভিড-১৯ৰ ভয়াৱহতাৰ বহু আগেয়েই এই প্রকল্পকেইটা সম্পূর্ণ হৈ গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী পাব লাগিছিল ।
ভূঞাই কয় যে, এইটোৱে ইয়াকেই স্পষ্ট কৰি তুলিছে যে আচলতে চৰকাৰে প্রকৃত সত্য ৰাইজৰ আগত দাঙি ধৰাতকৈ ব্যৰ্থতা ঢাকিবলৈ বহু সঁচা কথা লুকুৱাবলৈ আপ্রাণ চেষ্টা চলোৱাত লাগিছে । তেওঁ আৰু কয় যে ৰাজ্যসভাৰ শেহতীয়া অধিবেশনতো “তেওঁ সংসদৰ 'শূন্য' কালত এই বিষয়টো পুনৰ উত্থাপন কৰিছিল যদিও এতিয়ালৈকে চৰকাৰৰ উত্তৰ পোৱা নাই ।
সাংসদগৰাকীয়ে আৰু কয় যে, মুঠ ৩৪৯.৭০ কোটি টকাৰ ব্যয় সাপেক্ষ 'জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছন পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৮ ফেব্ৰুৱাৰী, ২০০৯ তাৰিখেই অর্পণ কৰা হৈছিল গেমন ইণ্ডিয়া লিমিটেডক ।
সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ । বিভাগীয় মন্ত্রী আছিল হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ ১১ বছৰৰ পিছত, অর্থাৎ ২০২০ চনৰ ৩০ নৱেম্বৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই অভিলাসী প্ৰকল্পটোৰ প্ৰথমটো কাৰ্যক্ষম গোটৰ শুভাৰম্ভ কৰিছিল । এই প্ৰথমটো কার্যক্ষম গোটৰ পৰিশোধিত পানী কামাখ্যা বিতৰণ এলেকাৰ ১,২,৩ আৰু ৪ ৰ অন্তৰ্গত অঞ্চলবোৰত যোগান ধৰিব লাগিছিল ।
উল্লেখ্য যে, প্রকল্পটোৰ মতে এই ৪ টা DMA ৰ অধীনৰ এলেকাসমূহ হ'ল এ টি বৰ্ডৰ সোঁফালে থকা কালিপুৰ, মূল মালিগাঁও চাৰিআলি, কামাখ্যা কলনি, পাণ্ডুৰ সম্পূৰ্ণ এলেকা, বৰিপাৰা, কামাখ্যা নগৰ, পাণ্ডৱ নগৰ, আনন্দ নগৰ , শংকৰ নগৰ আদিকে ধৰি বিশাল অঞ্চল । কিন্তু অঞ্চলটোৰ বাসিন্দা সকলে পানী যোগান পাইছে নে বুলি প্ৰশ্ন উত্থাপন কৰে অজিত কুমাৰ ভূঞাই ।
জুলাই মাহৰ পৰা প্ৰতি মাহে ৫০০০ পৰিয়ালক পানী যোগান ধৰা হ’ব বুলি কৰা ঘোষণা চূড়ান্ত মিথ্যাচাৰ বুলি মন্তব্য কৰে সাংসদ ভূঞাই । মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ পানী যোগান সম্পৰ্কত দিয়া মন্তব্যৰ কোনো মিল নাই ৷ এইখন চৰকাৰে কল খাই বাকলি পেলোৱাৰ দৰে কাম কৰিছে বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত ভূঞাই ।