ETV Bharat / state

শাসক নে বিৰোধীঃ ৰাজ্যসভাৰ তৃতীয়খন আসন কাৰ - ৰাজ্যসভাৰ সদস্য

সমস্যাৰ সৃষ্টি হ'ব পাৰে তৃতীয়খন আসনৰ ক্ষেত্ৰত । কিয়নো, তৃতীয়খন আসনৰ বাবে যদি বিৰোধী একগোট হয় তেন্তে বিজেপি বা মিত্ৰজোঁটে সেইখন আসন হেৰুৱাব লগীয়া হ'ব । সংখ্যাৰ ফালৰ পৰা এইক্ষেত্ৰত আগত আছে বিৰোধী ।

RAJYA SABHA ELECTION FOR THREE SEATS
অসমৰ পৰা ৰাজ্যসভাৰ তৃতীয়খন আসন কাৰ
author img

By

Published : Feb 26, 2020, 7:22 PM IST

গুৱাহাটী , ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যসভাত খালি হোৱা অসমৰ তিনিখন আসনৰ বাবে ২৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা । সমীকৰণ অনুসৰি তিনিখন আসনৰ দুখনেই মিত্ৰজোঁটৰ হাতত থাকিব যদিও তৃতীয়খন আসন কাৰ পক্ষত থাকিব সেয়া এতিয়াই ক'ব নোৱাৰি ।

উল্লেখ্য যে, ৰাজ্যসভাৰ দুই প্ৰাক্তন কংগ্ৰেছ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ বাবে দুখন আসন খালী হৈছিল । আনহাতে বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকাল শেষ হোৱাৰ বাবে খালী হ'ব তৃতীয়খন আসন ।

সংখ্যাৰ ফালৰ পৰা প্ৰথম দুখন আসন বিজেপি আৰু মিত্ৰজোঁটৰ হাতত থকাটো নিশ্চিত । কিয়নো, ১২৬ জনীয়া অসম বিধানসভাৰ পৰা এজন প্ৰাৰ্থী ৰাজ্যসভালৈ বিজয়ী হ'বলৈ প্ৰয়োজন ৩২ টা ভোটৰ । বিধানসভাত বৰ্তমান বিজেপিৰ বিধায়কৰ সংখ্যা ৬০ গৰাকী । একেদৰে মিত্ৰদল অগপৰ আছে ১৪ গৰাকী আৰু বি পি এফৰ ১২ গৰাকী বিধায়ক । সেই অনুসৰি প্ৰথম দুখন আসন নিজৰ পক্ষত ৰখাত বিজেপি বা মিত্ৰজোঁটৰ কোনো জটিলতা নহ'ব ।

শাসক নে বিৰোধীঃ ৰাজ্যসভাৰ তৃতীয়খন আসন কাৰ

কিন্তু সমস্যাৰ সৃষ্টি হ'ব পাৰে তৃতীয়খন আসনৰ ক্ষেত্ৰত । কিয়নো, তৃতীয়খন আসনৰ বাবে যদি বিৰোধী একগোট হয় তেন্তে বিজেপি বা মিত্ৰজোঁটে সেইখন আসন হেৰুৱাব লগীয়া হ'ব । সংখ্যাৰ ফালৰ পৰা এইক্ষেত্ৰত আগত আছে বিৰোধী । বিধানসভাত আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ২৩ গৰাকী আৰু এ আই ইউ ডি এফৰ বিধায়কৰ সংখ্যা ১৪ গৰাকী । অৰ্থাৎ বিৰোধীৰ হাতত আছে ৩৭ টা ভোট । কিন্তু এজন প্ৰাৰ্থী জয়ী হোৱাৰ বাবে প্ৰয়োজন ৩২ টা ভোটহে । মিত্ৰজোঁটৰ মুঠ ভোটৰ সংখ্যা হৈছে ৮৭ টা । গতিকে প্ৰথম দুখন আসনৰ এখন বিজেপিয়ে নিজৰ হাতত ৰাখি আনখন বি পি এফক এৰি দিয়াৰ সম্ভাৱনাই বেছি । ইতিমধ্যে ৰাজ্যসভাত অগপক এখন আসন বিজেপিয়ে এৰি দিয়াৰ পিছত এইবাৰ বি পি এফক এখন আসন দিয়াৰ সময় আহিছে বিজেপিৰ ।

লগতে পঢ়ক-দিল্লী হিংসা : মৌজপুৰ এলেকাত আৰক্ষী চিআইএছএফৰ তহলদাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.