ETV Bharat / state

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয় নিশ্চিত: প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Mar 19, 2022, 10:07 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গুৱাহাটীস্থ বাসগৃহত ৰিপুন বৰা (Ripun Bora meets Bhupen Bora)। উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চীফ হুইপ ৱাজেদ আলী চৌধুৰী । ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা ।

Ripun Bora meets Bhupen Bora
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয় নিশ্চিত: প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ১৯ মাৰ্চ: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ ৰিপুন বৰাক মনোনীত কৰা হৈছে । ২ এপ্ৰিলত সাংসদ ৰিপুন বৰাৰ কাৰ্যকালৰ অন্ত পৰিব । ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা ৰিপুন বৰাই আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তেওঁৰ গুৱাহাটীস্থ বাসগৃহত সাক্ষাৎ কৰে (Ripun Bora meets Bhupen Bora)।

সাক্ষাতকালত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চীফ হুইপ ৱাজেদ আলী চৌধুৰী উপস্থিত আছিল । সাক্ষাতকালত তেওঁলোকে ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, এজন শক্তিশালী বক্তা হিচাপে অসমীয়া ৰাইজৰ কণ্ঠৰূপে আমি ৰিপুণ বৰাক প্ৰক্ষেপ কৰিছোঁ । ভুল বুজাবজি সকলোৰে থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে, সেয়া ঠিক কৰি আমি আগুৱাই যাব লাগিব । ৪৪ টা ভোট লাভ কৰি আমি জয়ী হ’ম বুলি তেওঁ কয় ।

ইফালে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে ছোনিয়া গান্ধী আৰু ৰাজীৱ গান্ধীক ধন্যবাদ জ্ঞাপন কৰি ৰিপুণ বৰাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বকো ধন্যবাদ জনায় । লগতে বিৰোধী ঐক্যকো ধন্যবাদ জ্ঞাপন কৰে । তেওঁ ৰাজ্যসভা নিৰ্বাচনৰ(Rajya Sabha election 2022) ভোটদানৰ প্ৰক্ৰিয়া সম্পৰ্কে উল্লেখ কৰি কয় যে, কোনো ভোটাৰে দলীয় প্ৰাৰ্থীক ভোট নিদিয়া কথাটো এজেণ্টৰ ওচৰত ধৰা পৰিলে তেওঁৰ বিধায়ক পদো খাৰিজ হ’ব পাৰে । বিৰোধী বিজেপিৰ ফান্দত নপৰে বুলি সদৰি কৰি তেওঁ কয় যে, বিজেপিৰ বিধায়কে মোক ভোট নিদিব পাৰে কিন্তু তেওঁলোকৰ মোৰ প্ৰতি ভাল ভাব আছে ।

উল্লেখ্য যে, ৩১ মাৰ্চত ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনৰ মনোনোয়ন পত্ৰ দাখিলৰ দুদিন পূৰ্বে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, চীফ হুইপ ৱাজেদ আলি চৌধুৰী আৰু ৰাজ্যসভাৰ প্ৰাৰ্থী সাংসদ ৰিপুণ বৰাই ৰঙৰ উৎসৱ ফাকুৱা খেলি আলোচনাত মিলিত হয় । তেওঁলোকে কয় যে, আগন্তুক ৰাজ্যসভাত বিৰোধীৰ উমৈহতীয়া কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয় নিশ্চিত ।

উল্লেখ্য যে, ৰাজ্য সভাত বিৰোধীক জয়ৰ বাবে প্ৰয়োজন ৪২ জন বিধায়কৰ ভোট । তেনে ক্ষেত্ৰত কংগ্ৰেছৰ ২৭ গৰাকী, এ আই ইউ ডি এফৰ ১৫ গৰাকী, ৰাইজৰ দলৰ এগৰাকী আৰু চি পি আই এমৰ এগৰাকীসহ মুঠ ৪৪ গৰাকী বিধায়ক আছে । থ্ৰী লাইন হুইপ জাৰি কৰি হ'লেও বিৰোধীৰ জয় সুনিশ্চিত বুলি কয় কংগ্ৰেছৰ নেতৃত্বই ।

লগতে পঢ়ক: Rajya Sabha Election: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.