ETV Bharat / state

ৰাজকন্যা-শ্বেৰমানৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে - উচ্চ ন্যায়ালয়

মঙলবাৰে ৰাজকন্যা বৰুৱাই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ দিন আছিল যদিও চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যা বৰুৱাই । ইফালে শ্বহীদক অপমান কৰা আৰু বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলিৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

rajkanya Baruah and sherman ali's bail application rejected
উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিলে ৰাজকন্যা-শ্বেৰমানৰ
author img

By

Published : Oct 26, 2021, 9:14 PM IST

গুৱাহাটী,২৬ অক্টোবৰ : পুনৰ জামিন আবেদন নাকচ হ’ল ৰাজকন্যা বৰুৱাৰ । গুৱাহাটীৰ ৰাজপথত নিশা সুৰাৰ ৰাগীত মাতাল হৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হৈ আছে ৰাজকন্যা বৰুৱা । ইফালে ন্যায়িক জিম্মাত থকা ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে মঙলবাৰে আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰে ।

দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰা গোচৰটোত চাৰ্জশ্বীট দিয়া হয় । মঙলবাৰে ৰাজকন্যা বৰুৱাই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ দিন আছিল যদিও চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যা বৰুৱাই । উচ্চ ন্যায়ালয়ে গোচৰটো ক্লজ কৰি জামিনৰ শুনানীৰ বাবে নিম্ন আদালতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: ৰেম্প নহয়, ৰাজকন্যাৰ ঠিকনা এতিয়া কাৰাগাৰ

উল্লেখ যে, পহিলা অক্টোবৰৰ নিশা ১.৩০ বজাত গুৱাহাটীৰ ৰাজপথত সুৰামত্ত হৈ মডেল ৰাজকন্যা বৰুৱাই বাহনেৰে মহতীয়াই নিছিল আঠজনকৈ শ্ৰমিকক । ইয়াৰে এজন শ্ৰমিকে দুয়োখন ভৰি হেৰুৱাবলগীয়া হয় । ঘটনাটো সংঘটিত কৰাৰ পাছত অসুস্থতাৰ নাটক কৰি হাস্পতালত ভৰ্তি হৈ আছিল যদিও অৱশেষত গ্ৰেপ্তাৰ হৈছিল । বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে ।

ইফালে শ্বহীদক অপমান কৰা আৰু বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলিৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । গীতানগৰ আৰু পাণবজাৰ থানাৰ গোচৰ দুটাত জামিন আবেদন নাকচ কৰা হৈছে ৰাজনৈতিক নেতাগৰাকীৰ ।

লগতে পঢ়ক:14 দিনৰ বাবে ন্যায়িক জিম্মালৈ শ্বেৰমান আলী

গীতানগৰ থানাৰ গোচৰটোত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক । কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক অসম আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ পিছতে বিতৰ্কিত বিধায়জনৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ।

৮ অক্টোবৰত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত শ্বেৰমানক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল । বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে ৷

লগতে পঢ়ক:শ্বেৰমান আলি বিজেপিৰ এজেন্ট : অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.