ETV Bharat / state

ৰাইজে সোণোৱাল চৰকাৰক উৎখাত কৰাৰ সুবিধা পাইছে: ৰাজীৱ শুক্লা

প্ৰধানমন্ত্রী মোডীৰ দৰে মিছা প্ৰতিশ্ৰুতিৰে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে পাঁচ বছৰ পাৰ কৰা বুলি অভিযোগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ শুক্লাৰ ৷ শুক্লাৰ অভিযোগ সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি বহুত দিলে যদিও এটাও পূৰণ নকৰিলে ৷ 2 মে'ত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকা কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ ৷

rajib shukla appeals assam to throw away the bjp government in assam poll 2021
অসমৰ ৰাইজে সোণোৱাল চৰকাৰক উৎখাত কৰাৰ সুবিধা পাইছে : ৰাজীৱ শুক্লা
author img

By

Published : Mar 21, 2021, 9:35 PM IST

গুৱাহাটী,21 মাৰ্চ: "কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক লৈ বিজেপিত ব্যাপক চৰ্চা হৈছে আৰু যাৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে নিজৰ ভাষণত কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে"-এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাজীৱ শুক্লাৰ ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ জেষ্ঠ নেতা শুক্লাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, "প্ৰধানমন্ত্রী মোডীৰ দৰে মিছা প্ৰতিশ্ৰুতিৰে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে পাঁচটা বছৰ পাৰ কৰিলে । সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি বহুত দিলে যদিও এটাও পূৰণ নকৰিলে । এইবাৰ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ অসমৰ ৰাইজে এইখন চৰকাৰক উৎখাত কৰাৰ সুযোগ পাইছে ৷ আমি অসমৰ ৰাইজক বিজেপিক ওফৰাই কংগ্ৰেছক প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনালো" ৷

অসমৰ ৰাইজে সোণোৱাল চৰকাৰক উৎখাত কৰাৰ সুবিধা পাইছে : ৰাজীৱ শুক্লা

বিজেপিয়ে কথা মতে কাম নকৰে বুলি অভিযোগ কৰি শুক্লাই কয় যে, "আমি ৰাইজক প্ৰতিশ্ৰুতি দিয়া নাই, গেৰাণ্টি দিছো ৷ বিজেপি চৰকাৰে দেশৰ মান বৃদ্ধি কৰিম বুলি চীনৰ ওচৰত দেশৰ মান অৱনমিত কৰিলে ৷ দেশৰ সম্পদৰ ৰক্ষণাবেক্ষণ দিম বুলি কৈ সম্পদসমূহ বিক্ৰী কৰিলে ৷ চাকৰি দিম কৈ নিদিলে ৷ বৰং বিমুদ্ৰাকৰণ আৰু লক ডাউনৰ বাবে আঢ়ৈ কোটি মানুহ সংস্থাপনহীন হ'ল ৷ অসমত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনত বিকাশ হৈছিল । যাৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তৰুণ গগৈক সু-প্ৰশাসক আখ্যা দিছিল । আনকি মোডীয়েও তেওঁৰ কৰ্ম দক্ষতাক প্ৰশংসা কৰিছিল ৷ কিন্তু এতিয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে একো কৰা নাই বুলি সমালোচনা কৰিছে ৷ অসমৰ ৰাইজে সকলো জানে ৷ অসমৰ ৰাইজে এইবাৰ বিজেপিক আঁতৰাই কংগ্ৰেছক শাসনভাৰ দিব" ৷

উক্ত সংবাদমেলত উপস্থিত থাকি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে, "2 মে'ত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকা কৰা হ'ব ৷ চাহ শ্ৰমিকৰ সন্মানৰ বাবে আমাৰ এই গেৰাণ্টি ৷ সেইদৰে চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক আমি গুৰুত্ব সহকাৰে লৈছো আৰু ইয়াৰ বাবে আমি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ছয়জনীয়া এখন কমিটি কৰি দিছো ৷ এইক্ষেত্রত জনজাতিৰ মৰ্যাদা পাই থকাসকলৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতিও আমি গুৰুত্ব দিছো বুলি মন্তব্য কৰি বল্লভে কয় যে, বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱাটো বিচৰা নাছিল ৷ অসমত কংগ্ৰেছে 'কা' কোনো কাৰণতে প্ৰযোজ্য হ'বলৈ নিদিয়ে বুলিও তেওঁ মন্তব্য কৰে ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে চাহ বাগিচাসমূহক বিশেষভাৱে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ইতিমধ্যে চাহ বাগিচাসমূহলৈ গৈ বিশেষ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: কা আন্দোলনে ভোটাৰৰ বিবেক জাগ্ৰত কৰিব: ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.