ETV Bharat / state

Jayanta Malla baruah facebook post: ডেমেজ কণ্ট্ৰোলৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক পোষ্ট

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 8:01 PM IST

ৰাজেন গোঁহাই এতিয়াও দিল্লীতে ৷ সুৰ সলনি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফেচবুকযোগে ক’লে ভুল নুবুজিব জ্যেষ্ঠসকলে ৷

Jayanta Malla baruah facebook post
ফেচবুক পোষ্টটোৰ আঁৰৰ ৰহস্য

গুৱাহাটী, ২২ আগষ্ট : বিজেপিৰ প্ৰবীণ নেতা ৰাজেন গোঁহাই দিল্লী পৰা উভতি নাহোঁতেই সুৰ সলনি হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ ৪ বাৰৰ সাংসদ তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাইক সন্ন্যাস ল’বলৈ কৈ ৰাজেন গোঁহাইৰ ৰোষত পৰা জয়ন্ত মল্ল বৰুৱাই সামজিক মাধ্যমত ভুল নুবুজিবলৈ আহ্বান জনাই পোষ্ট দিছে ৷ যিটো পোষ্ট এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

ৰাজেন গোঁহাইক সন্ন্যাস লৈ নাতিৰ সৈতে খেলিবলৈ মাত্ৰ দুদিন আগত পৰামৰ্শ দিছিল জয়ন্ত মল্ল বৰুৱাই ৷ এই কথাই বিজেপিৰ ভিতৰ চ’ৰাত তীব্ৰ আলোড়ন সৃষ্টি কৰিছিল ৷ তাৰ পিচতে ৰাজেন গোঁহায়ে তুলিছিল এক বিস্ফোৰক অভিযোগ । জয়ন্ত মল্ল বৰুৱাই ৰাজেন গোঁহাইক বাজপেয়ী ভৱনৰ পৰা গতিয়াই উলিয়াই দিবলৈ পৰামৰ্শ দিছিল বুলি গোঁহাইয়ে অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ পিচতেই মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিষোদ্গাৰ কৰি মুখ্যমন্ত্ৰীৰ অনুৰোধ মতে অমিত শ্বাহক লগ ধৰিবলৈ দিল্লীলৈ ৰাওনা হৈছিল ৰাজেন গোঁহাই ৷

দিল্লীলৈ যোৱাৰ আগতে ৰাজেন গোঁহাইয়ে হুংকাৰ দি গৈছিল যে কোনে কাক গতিয়াই সময়ত দেখা যাব ৷ ইফালে দিল্লীত অমিত শ্বাহৰ সাক্ষাৎ এতিয়াও লাভ কৰা নাই ৰাজেন গোঁহাইয়ে ৷ বিপৰীতে জয়ন্ত মল্ল বৰুৱাই দোষ স্বীকাৰ নকৰিলেও সুৰ সলাই জ্যেষ্ঠজনক উদ্দেশ্যি ভুল নুবুজিবলৈ আহ্বান জনাইছে সামাজিক মাধ্যমত ৷ লগতে নিজে দোষ স্বীকাৰ নকৰি বিভিন্নজনে তেওঁৰ মন্তব্যক ভুল ব্যাখ্যা আগবঢ়োৱাৰ অভিযোগ তুলিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Jayanta Malla baruah facebook post
জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক পোষ্ট

মঙলবাৰে বিয়লি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফেচবুকত লিখিছে—“অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে সদাব্যস্ত, আমাৰ সনাতনী সভ্যতা-সংস্কৃতিৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি অহা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হিন্দু-বিৰোধী বুলি কোৱাৰ লগতে দলীয় অনুশাসনক উপলুঙা কৰি বক্তব্য ৰখাৰ পৰিপ্ৰেক্ষিতত মোৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় ক্ৰিকেটাৰসকলৰ উদাহৰণেৰে সময়ৰ পাৰদৰ্শিতাৰ কথা কওঁতে এচামে ইয়াক বয়সৰ লগত ৰিজোৱা পৰিলক্ষিত হৈছে, যি জ্যেষ্ঠজনৰ মনত দুখ দিয়াটো নিতান্তই স্বাভাৱিক । সদায় আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ আৰু পৰামৰ্শ লৈয়েই ৰাজনীতিত আগবাঢ়ি গৈ আছো । জ্যেষ্ঠজনৰ আশিস আৰু উপদেশ সদায় আমাৰ পাথেয় । এগৰাকী ব্যক্তিৰ বিশেষ বক্তব্যৰ প্রতি মোৰ প্ৰত্যুত্তৰক বিভিন্নজনে কৌশলেৰে ভুল বাখ্যা কৰা পৰিলক্ষিত হৈছে । সেয়েহে কোনো জ্যেষ্ঠজনে যাতে মোৰ মন্তব্যক বয়সক লৈ কৰা মন্তব্য বুলি ভুল নুবুজে আৰু মনতে দুখ যাতে নকৰে তাৰ বাবে সবিনয়ে অনুৰোধ জনালোঁ ।“ যথেষ্ঠ কৌশলেৰে লিখা এই ফেচবুক পোষ্টটোৰ আঁৰৰ ৰহস্যক লৈ এতিয়া ৰাজনৈতিক মহলত বিভিন্ন চৰ্চা আৰম্ভ হৈছে ।

বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি অমিত শ্বাহৰ কাষ নোপোৱাকৈয়ে বিষয়টো সাংগঠনিক নকৰি ব্যক্তিগত পৰ্যায়তে বুজাবুজি কৰি সামৰি থোৱাৰ পোষকতা কৰা হৈছে । লোকসভা নিৰ্বাচনৰ আগতে বিজেপিৰ নেতৃত্বই এনে বিতৰ্কবোৰ সামৰি সাংগঠনিক কামত মনোনিৱেশ কৰাটো বিচাৰিছে ৷ মুখ্যমন্ত্ৰীৰ ওপৰত ৰাজেন গোঁহাইৰ মুকলি অসন্তুষ্টি আৰু ৰাজেন গোঁহাই-জয়ন্ত মল্ল বৰুৱা অধ্যায়ে কি ৰূপ লয় সেয়া বৰ সহজে অনুমেয় নহ’লেও এটা কথা ঠিক যে এই ঘটনাই বাৰুকৈয়ে জোাকৰণি তুলিছে ৰাজ্যিক বিজেপিত ৷ যাৰ বাবে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাই সুৰ সলাই ফেচবুকত ৰাজহুৱাকৈ ভুল নুবুজিব বুলি লিখিবলৈ বাধ্য হ’ল ৷

লগতে পঢ়ক : Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.