ETV Bharat / state

ৰাজদ্বীপ গোৱালা আৰু ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন - বিধায়ক

বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন। বিজেপিমুখী হোৱাৰ উমান পাই নিলম্বন কৰিলে ৰাজদ্বীপ-ৰুমীক। দলবিৰোধী কাৰ্য-কলাপত লিপ্ত থকাৰ অভিযোগ দুয়োগৰাকীৰ বিৰুদ্ধে।

বিধায়ক ৰাজদ্বীপ গোৱালা-প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন

author img

By

Published : Oct 10, 2020, 12:51 PM IST

Updated : Oct 10, 2020, 12:59 PM IST

গুৱাহাটী, ১০ অক্টোবৰ: এখোজ-দুখোজকৈ বিজেপিলৈ বাট লোৱাৰ উমান পাই কংগ্ৰেছ নেতৃত্বই দলৰ পৰা নিলম্বন কৰিলে বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালা আৰু বৰখলা সমষ্টিৰ বহু বিতৰ্কিত প্ৰাক্তন বিধায়িকা ৰুমী নাথক। দলবিৰোধী কাৰ্য-কলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি দুয়োকে পৃথক পৃথক নিৰ্দেশৰ জৰিয়তে বহিষ্কাৰ কৰে কংগ্ৰেছে। আজীৱন কংগ্ৰেছৰ লগত থাকি ৰাজনীতি কৰি যোৱা প্ৰাক্তন মন্ত্ৰী দীনেশ প্ৰসাদ গোৱালাৰ পুত্ৰ ৰাজদ্বীপ গোৱালা।

বিধায়ক ৰাজদ্বীপ গোৱালা-প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন
বিধায়ক ৰাজদ্বীপ গোৱালা-প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন

পিতৃৰ বিয়োগৰ পিছত কংগ্ৰেছত প্ৰৱেশ কৰিছিল আৰু লক্ষীপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল। আজি পৰ্যন্ত বিধায়ক হৈ থকা ৰাজদ্বীপ গোৱালাই অসম বিধানসভাৰ সৰ্বোচ্চ কমিটীৰূপে বিবেচিত ৰাজহুৱা হিচাপ পৰীক্ষা কমিটীৰো অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

কিন্তু তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াটো প্ৰায় নিশ্চিত হৈ পৰাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ৬ বছৰৰ বাবে ৰাজদ্বীপ গোৱালাক কংগ্ৰেছৰ পৰা নিলম্বনৰ নিৰ্দেশ জাৰি কৰে। আনহাতে, বহু বিতৰ্কিত প্ৰাক্তন বিধায়িকা ৰুমী নাথে প্ৰথমবাৰৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে বৰখলা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল যদিও দলক কৰা বিশ্বাসঘাতকতাৰ বাবে বিজেপিয়ে তেওঁক বহিষ্কাৰ কৰিছিল। পৰৱৰ্তী সময়ত ৰুমী নাথে যোগ দিছিল কংগ্ৰেছত।

এতিয়া পুনৰ কংগ্ৰেছ এৰি বিজেপিলৈ আহিব খোজা ৰুমী নাথক ইতিমধ্যে দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই ঘোষণা কৰিছে। স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতি এতিয়া দল বাগৰা নেতাৰ পয়োভৰেৰে জমি উঠিছে ।

লগতে পঢ়ক:বাদাম উৎপাদনেৰে স্বাৱলম্বী হ'বলৈ মন মেলিছে একাংশ কৃষকে

Last Updated : Oct 10, 2020, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.