ETV Bharat / state

মহানগৰবাসীক সকাহ দিবলৈ ধৰাৰ বুকুলৈ নামি আহিল এজাক বৰষুণ - উৎকট গৰম

শনিবাৰৰ বৰষুণজাকে কিছু হ'লেও সকাহ প্ৰদান কৰিলে মহানগৰবাসীক ৷ কিয়নো দীৰ্ঘদিন ধৰি উৎকট গৰমে দহিছিল মহানগৰবাসীক ৷

rain fall giving relief to the local people of guwahati city

author img

By

Published : Jun 13, 2020, 6:21 PM IST

গুৱাহাটী, 13 জুনঃ যোৱা কিছুদিন ধৰি উৎকট গৰমে দহিছিল মহানগৰবাসীক ৷ সকলোৱে অপেক্ষা কৰিছিল এজাক বৰষুণলৈ ৷ সকলোৰে অপেক্ষাৰ ওৰ পেলাই শনিবাৰে পুৱাৰ ভাগত এজাক বৰষুণে ছুই গ'ল মহানগৰীক ৷ যোৱা কেইবাদিনৰো পৰা ৰ'দৰ উত্তাপে দহিছিল মহানগৰবাসীক ৷ শনিবাৰৰ বৰষুণজাকৰ লগতে এজাক শীতল বতাহে যেন উৎকট গৰমৰ পৰা কিছু সকাহ প্ৰদান কৰিলে মহানগৰবাসীক ৷ বৰষুণৰ পানীয়ে ধুৱাই নিয়া বিৰিখৰ ডাল পাতে সেউজী ৰহণ সানিলে মহানগৰীৰ ধূলিয়ৰী প্ৰকৃতিক ৷ যেন প্ৰকৃতিও অপেক্ষাত আছিল বৰষুণ জাকৰ ৷

মহানগৰবাসীক সকাহ দিবলৈ ধৰাৰ বুকুলৈ নামি আহিল এজাক বৰষুণ

কিন্তু এফালে যদি মহানগৰবাসীয়ে বহু প্ৰতিক্ষীত বৰষুণজাকক আদৰণি জনাইছে, আনফালে আন এক চিন্তাইয়ো চিন্তিত কৰি তুলিলে তেওঁলোকক ৷ তেওঁলোকৰ চিন্তা কৃত্ৰিম বানক লৈ ৷ যদিও পুৱাৰ ভাগৰ বৰষুণজাকে ৰাইজৰ দেহ শাত পেলাই গ'ল,তাৰ সমান্তৰালভাৱে কৃত্ৰিম বানক লৈ বৰষুণজাকে শংকিও কৰিলে মহানগৰবাসীক ৷

লগতে পঢ়কঃ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে স্থাপন কৰিলে বজাৰ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.