মালিগাঁও, 4 নবেম্বৰ: সোমবাৰে মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনৰ সমীপত ৰে'ল বিভাগে চলালে উচ্ছেদ অভিযান । অঞ্চলটোত অবৈধভাৱে গঢ় লৈ উঠা বাসগৃহ তথা ব্যৱসায়ীক উচ্ছেদ কৰে ৰে'লৱে কৰ্তৃপক্ষই । অতি ব্যস্ততাপূৰ্ণ এলেকা তথা বৃহৎ ষ্টেচনৰ সমীপত একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান । যাৰ পৰিণতিত কামাখ্যা ৰে'ল ষ্টেচনৰ প্ৰৱেশ পথছোৱা ঠেক হৈ পৰিছিল । ঠেক পথচোৱাৰ বাবেই তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল মালিগাঁও চাৰিআলিত ।
ৰে'ল বিভাগে বিভিন্ন সময়ত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান খালী কৰাৰ জাননী দিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল লোকসকলে । যাৰ বাবে ৰে'ল বিভাগে নিজাববীয়াকৈ এনেদৰে চলালে উচ্ছেদ অভিযান । প্ৰায় ২০টা অবৈধ গৃহ আৰু ১৫খনকৈ দোকান উচ্ছেদ কৰে ৰে'ল বিভাগে । কাইলৈও এই উচ্ছেদ অভিযান চলিব বুলি জানিবলৈ দিয়ে কামাখ্যা ৰে'ল আৰক্ষী বিষয়া জয়ন্ত দাসে ।
লগতে পঢ়ক: গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন