ৰঙিয়া, 18 এপ্ৰিল: কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত খাদ্য সংকটত ভুগিছে গৃহহীন ভিক্ষাৰী আৰু মানসিক বিকাৰগ্ৰস্ত লোকে । তেনে ক্ষেত্ৰত এনে লোকক সাধ্যানুসৰি খাদ্য সামগ্ৰী যোগানৰ বাবে আগবাঢ়ি আহিছে বহু স্বেচ্ছাসেৱী সংগঠন তথা ব্যক্তি বিশেষ ৷ চৰকাৰ প্ৰশাসনৰ ফালৰ পৰাও এই লোক সকলক খাদ্য সামগ্ৰী যোগানৰ বাবে অহৰহ চেষ্টা অব্যাহত আছে ৷ ৰঙিয়াত ৰে‘ল বিভাগৰ ফালৰ পৰা ৰঙিয়া ৰেল ষ্টেচনৰ সমীপত গৃহহীন ভিক্ষাৰী আৰু মানসিক বিকাৰগ্ৰস্ত লোকক বিতৰণ কৰা হ‘ল খাদ্য-সামগ্ৰী ৷ কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে জাৰি কৰা লক ডাউনৰ সময়ত এইসকল মানসিক বাধাগ্ৰস্ত লোকে খাদ্য সংকটত ভুগিব লগা হৈছিল। ৰঙিয়া নগৰৰ পদপথত ঘূৰি ফুৰা এইসকল মানসিক বাধাগ্ৰস্ত অসহায় লোকক ৰঙিয়া ৰেল বিভাগৰ ফালৰ পৰা খাদ্য বস্তুৰ যোগান ধৰি এই সকলৰ ক্ষুধা নিবাৰণৰ চেষ্টা কৰা হয়। সামাজিক দুৰত্ব বজাই ৰাখি পথৰ দাঁতিত বসবাস কৰা এইসকল ক্ষুধাতুৰ লোকক অন্ন যোগান ধৰে ৰেল বিভাগে। ৰে‘ল বিভাগৰ এই কাৰ্যক এতিয়া প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন মহলে ৷
ৰঙিয়াত মানসিক ভাৱে বাধাগ্ৰস্ত লোকক খাদ্য যোগান ৰেল বিভাগৰ - ৰঙিয়াত মানসিক ভাৱে বাধাগ্ৰস্ত লোকক খাদ্য যোগান ৰেল বিভাগৰ
ৰঙিয়া নগৰৰ পদপথত ঘূৰি ফুৰা এইসকল মানসিক বাধাগ্ৰস্ত অসহায় লোকক ৰঙিয়া ৰেল বিভাগৰ ফালৰ পৰা খাদ্য বস্তুৰ যোগান ধৰি এই সকলৰ ক্ষুধা নিবাৰণৰ চেষ্টা কৰা হয়।
![ৰঙিয়াত মানসিক ভাৱে বাধাগ্ৰস্ত লোকক খাদ্য যোগান ৰেল বিভাগৰ rail-distributed-food-to-homeless](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6840586-thumbnail-3x2-rang.jpg?imwidth=3840)