গুৱাহাটী, 5 জুলাইঃ দেশৰ সকলো বিভাগ ব্যক্তিগতকৰণ কৰাত উঠি পৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ। ৰে'লৱে কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি বৰঝাৰ বিমান বন্দৰৰ পিছত এইবাৰ চৰকাৰে ভাৰতীয় ৰে'লৱেক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত আৰম্ভ কৰিছে ৷ লগতে ৰে'ল বিভাগৰ অধীনস্থ বিভিন্ন বিভাগ ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিয়াৰ যো-জা আৰম্ভ কৰিছে মোডী চৰকাৰে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে মালিগাঁও উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰে'লৱেৰ মহিলা কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক'লা দিৱস পালন কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে মহিলা কৰ্মচাৰীসকলে। চৰকাৰৰ এই সিদ্ধান্তই কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী মহিলাসকলে। তাৰোপৰি চৰকাৰে অতি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰে'লৱে কৰ্মচাৰীসকলে। ইফালে মহিলাসকলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয় চৌহদত ক'লা কাপোৰ মুখত বান্ধি এক মৌন সমদল উলিয়াই।