ETV Bharat / state

অখিল গগৈৰ গোচৰ সন্দৰ্ভত ন্যায়ালয়ৰ ৰায় বিসংগতিপূৰ্ণ: ভাস্ক' ডি শইকীয়া

গুৱাহাটীত ৰাইজৰ দলৰ সংবাদমেল ৷ অখিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰাইজৰ দলৰ ৷ অখিল গগৈৰ গোচৰ আৰু ন্যায়ালয়ৰ ৰায়দান সন্দৰ্ভতো মন্তব্য কাৰ্যকৰী সভাপতি আৰু সম্পাদক গৰাকীৰ ৷

raijor-doll-press-meet-organised-in-guwahati
অখিল গগৈৰ গোচৰ সন্দৰ্ভত ন্যায়ালয়ৰ ৰায় বিসংগতিপূৰ্ণ: ভাস্ক' ডি শইকীয়া
author img

By

Published : Jan 11, 2021, 7:58 PM IST

গুৱাহাটী, 11 জানুৱাৰী : মৰাণ অভিৱৰ্তনৰ পিচত 'ৰাইজৰ দল'ৰ গুৱাহাটীত প্ৰথমখন সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰিলে কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া আৰু সম্পাদক কমল কুমাৰ মেধীয়ে ৷ অখিল গগৈৰ লগত হোৱা অন্যায়ৰ ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰিলে নেতা দুয়োগৰাকীয়ে ৷

ভাস্ক' ডি শইকীয়াৰ মন্তব্য

সোমবাৰৰ সংবাদমেলত 'ৰাইজৰ দল'ৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াৰ মন্তব্য,ন্যায়ালয়ৰ ৰায় বিসংগতিপূৰ্ণ ৷ এই বিসংগতিপূৰ্ণ ৰায়ৰ বাবে অখিল দীৰ্ঘদিন বন্দী হৈ থাকিব লাগিব ৷ নিয়াই 90 দিনৰ অন্তত চাৰ্জশ্বীট দাখিল কৰাত ব্যৰ্থ হোবাৰ বাবে ডিফল্ট বেল্টৰ গোচৰ ৰুজু কৰা হৈছিল ৷ কিন্তু আজি পৰ্যন্ত এই গোচৰ ন্যায়ালয়ত উঠা নাই বুলিও মন্তব্য নেতা দুগৰাকীৰ ৷

ভাস্ক' ডি শইকীয়াৰ মন্তব্য

ভাস্ক’ ডি শইকীয়া লগতে কয় যে,অখিলৰ ব্যক্তিগত বিষয়ৰ লগত জড়িত বিষয় এটাক বিলম্ব কৰি অন্যায় কৰা হৈছে ৷ অখিল গগৈৰ লগত থকা সহযোগী তিনিজনক মুকলি কৰি দিলেও আক্ৰোশমূলকভাৱে বন্দী কৰি ৰখা হৈছে আৰু এয়া এক অভূতপূৰ্ব বিভ্ৰান্তি আখ্যা ভাস্ক' ডি শইকীয়াৰ ৷

লগতে পঢ়ক : ধিঙত ই-ৰিক্সাসহ অপহৰণ চালক

আনহাতে,ন্যায়ালয়ে অখিলক মাওবাদী আখ্যা দিয়া প্ৰসংগটোক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ 'ৰাইজৰ দল'ৰ কাৰ্যকৰী সভাপতি গৰাকীৰ ৷ মাওবাদীৰ ভূতে চৰকাৰখনক আজিও খেদি ফুৰিছে ৷ অখিল মাওবাদীৰ লগত জড়িত থকা দুজন নাম ঠিকনা বিহীন দুজন ছদ্ম ৰাজসাক্ষী ৷ প্ৰথমজন দুজন ৰাজসাক্ষীয়ে দিল্লীত সাক্ষ্য প্ৰদান কৰিছিল আৰু দ্বিতীয়জনে কলিকতাত মাওবাদীৰ লগত মধ্যস্থতা কৰা বুলি সাক্ষ্য প্ৰদান কৰিছিল ৷

দুয়োজন ৰাজসাক্ষীয়ে দিয়া সময় 2009 চনৰ পূৰ্বৰ ৷ গতিকে এয়া ভিত্তিহীন ৷ কাৰণ সেই সময়ত চিপিআই মাওবাদী নিষিদ্ধ কৰা হোৱা নাছিল ৷ অখিল গগৈৰ বিৰুদ্ধে 13 টাকৈ গোচৰ ৰুজু কৰা হৈছিল ৷ চাবুৱা থানাত ৰুজু হোৱা গোচৰত ন্যায়ালয়ে অখিলক মাওবাদীৰ লগত জড়িত হোৱাৰ প্ৰমাণ নাই বুলি জামিন দিছিল ৷ যাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে হোৱা এই অন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও 'ৰাইজৰ দল'ৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে সংবাদমেলত মত পোষণ কৰে ৷

লগতে পঢ়ক : ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.