ETV Bharat / state

PPE Kit ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় : ড৹ জ্ঞানশ্ৰী বৰা - পিপিই কিট কেলংকাৰীৰ সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল

পিপিই কিট ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ হিচাপ ৰাজহুৱা কৰক চৰকাৰে ৷ সোমবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পিপিই কিট কেলেংকাৰী (PPE Kit controversy of Assam) সন্দৰ্ভত এখন সংবাদমেল সংম্বোধন কৰি এই দাবী উত্থাপন কৰে দলটোৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই ৷

PPE Kit ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় : ড৹ জ্ঞানশ্ৰী বৰা

author img

By

Published : May 31, 2022, 8:40 AM IST

গুৱাহাটী, 31 মে’ : ৰাজ্য চৰকাৰৰ পিপিই কিট কেলেংকাৰীক লৈ উত্তপ্ত হৈ আছে ৰাজনৈতিক (PPE Kit controversy Assam) বাতাবৰণ । শাসক-বিৰোধীৰ অভিযোগ-প্ৰতি অভিযোগৰ মাজৰে ৰাজ্যত পিপিই কিট লৈ অব্যাহত আছে বিতৰ্ক । পিপিই কিট কেলেংকাৰীৰ সন্দৰ্ভত পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দল ।

সোমবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পিপিই কিট কেলেংকাৰীৰ সন্দৰ্ভত এখন সংবাদমেল সংম্বোধন কৰি ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই কয়, পিপিই কিটক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মিছা বুলি প্ৰমাণ কৰিছে । ইয়াৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা ধন্যবাদৰ পাত্ৰ । তেওঁ কয়, পীযুষ হাজৰিকাই সংবাদমেলখনৰ যোগেদি অসমৰ ৰাইজক পিপিই কিটৰ নামত ঠগিলে, সেয়া প্ৰমাণ কৰিলে ।

উল্লেখ্য যে, পিপিই কিট অনা বিমানখনৰ পাইলটক সন্মান জনাবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই বিমান বন্দৰলৈ গৈছিল । কিন্তু সেই কথা এতিয়া অস্বীকাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে । তাৰোপৰি পিপিই কিটসমূহ কোনজন ব্যক্তিয়ে আনিছিল, সেয়া কথা এতিয়াও চৰকাৰে ৰাজহুৱা কৰা নাই ।

মঠঘৰীয়াত পিপিই কিট কেলেংকাৰী সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল

সেয়ে হাজাৰ হাজাৰ পিপিই কিট বৰ্তমান ক'ত আছে আৰু সেইখিনি অনাৰ বাবদ কাৰ্গ' বিমানৰ খৰচ কিমান হৈছে, সেয়া ৰাজহুৱা কৰিবৰ বাবে ৰাইজৰ দলে চৰকাৰক দাবী জনায় (Import PPE Kit from China to Assam) ।

লগতে পঢ়ক : চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে: পীযুষ হাজৰিকা

ক’ভিডৰ প্ৰথম ঢৌৰ সময়ত পিপিই কিট অনাৰ নামত নিজকে শ্ৰেষ্ঠত্ব দেখুওৱাৰ বাবে সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই "Publicity Stunts" হে কৰিলে বুলিও কটাক্ষ কৰে ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে । পিপিই কিট ক্ৰয়ৰ নামত চৰকাৰে আচলতে ৰাজহুৱা ধনৰ ব্যাপক অপচয় কৰিলে বুলি সদৰি কৰি ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই কোনটো ৰাজহুৱা প্ৰতিষ্ঠানে পিপিই কিট ক্ৰয় কৰিছিল, কাৰ নামত ক্ৰয় কৰা হৈছিল তথা তাৰ Purchase Order আদি সকলো তথ্য ৰাজহুৱা কৰিবলৈ চৰকাৰক দাবী জনায় ।

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ মৃত্যুক লৈ ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি যে, এজন অপৰাধীয়ে আত্মসমৰ্পণ কৰাৰ পিছত পলায়ন কিয় কৰিব । এয়া চৰকাৰ তথা আৰক্ষীৰ পৰিকল্পনাৰ বাস্তৱ ৰূপ । বিজেপি চৰকাৰৰ দিনত যোৱা এটা বছৰত যিমান এনকাউণ্টাৰ হৈছে, সেয়া যোৱা 10 টা বছৰতো হোৱা নাই । এইক্ষেত্ৰত ভাৰতৰ ন্যায় ব্যৱস্থাক হস্তক্ষেপ কৰাৰ দাবী জনাই ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই ।

লগতে পঢ়ক : চীনৰ পৰা অসম চৰকাৰে পিপিই কিট ক্ৰয় কৰাটো এক জীয়া ফাঁকি : ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.