গুৱাহাটী, 12 ফেব্ৰুৱাৰী : অখিল গগৈক মৃত্যুৰ ভয় দেখুওৱা হৈছে ৷ প্ৰলোভন দিয়া হৈছে অখিলক ৷ কাৰাগাৰত মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে ৷ কিন্তু অখিল গগৈয়ে আপোচ নকৰে ৷ আপোচ নকৰা বাবেই তেওঁক পোতাশালৰ পৰা মুকলি কৰি দিয়া নাই ৷ অখিল গগৈক বন্দী কৰি ৰাখি চৰকাৰে 2021 চনৰ নিৰ্বাচনত জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে ৷ যাৰবাবে 2021 চনৰ নিৰ্বাচনত ৰাইজৰ দল আৰু কৃষক মুক্তিয়ে সৰ্বাত্মক সংগ্ৰাম আৰম্ভ কৰিব ৷ এই মন্তব্য ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ ৷
অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভত শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই আয়োজন কৰিছিল সংবাদমেল ৷ সংবাদমেল কাৰ্যকৰী সভাপতি গৰাকীয়ে চৰকাৰক বিভিন্ন ভাষাৰে কঠোৰ সমালোচনা কৰে ৷ লগতে, চৰকাৰে অখিলক বন্দী কৰি ৰাখি সকলো জন বিৰোধী কামকাজ কৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷
ইফালে, শুকুৰবাৰৰ সংবাদমেল যোগে ৰাইজৰ দলৰ নেতৃত্বৰ কৃষক মুক্তি, জাতীয় সংগঠন, বুদ্ধিজীৱী সকলোকে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : কৃষি কৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ ১০৮ সেৱাৰ এম্বুলেন্স চালক