ETV Bharat / state

Land grabbing allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ - বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ

বৃহৎ ভূমি কেলেংকাৰীত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, দুটা ব্যক্তি সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানত পোহৰলৈ অহা এই কেলেংকাৰীত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা আৰু তেওঁলোকৰ পুত্ৰৰ নাম(Assam CM wife accused of involvement in land grabbing) ৷

Land Scam in Assam
ৰিণিকি ভূঞাৰ কোম্পানীৰ বিৰুদ্ধে CBI-ED ৰ তদন্তৰ দাবী ৰাইজৰ দলৰ
author img

By

Published : Dec 8, 2021, 8:07 PM IST

গুৱাহাটী, ৮ ডিচেম্বৰ : এক বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, ৰাজ্যৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰী(alleged land grabbing scam in Assam)ত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা আৰু তেওঁলোকৰ পুত্ৰৰ নাম (Assam CM wife accused of involvement in land grabbing) ৷ চৰকাৰী আৰু চিলিং চৰকাৰী মাটি ক্ৰয়-বিক্ৰয় কৰাৰ এই কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে দুটাকৈ ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানত ।

উল্লেখ্য যে, কেইবা কোটি টকীয়া এই ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ এই কেলেংকাৰীৰ অভিযোগত উচ্চাৰিত হৈছে ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা ৰিয়েল ষ্টেট কোম্পানীৰ নাম ৷ এনে ক্ষেত্ৰত ৰিণিকি ভূঞা শৰ্মাৰ লগতে এই কোম্পানীটোৰ বিৰুদ্ধে চিবিআই, ইডি ৰ তদন্তৰ দাবী তুলিছে ৰাইজৰ দলে(CBI and ED probe demanded against Riniki Bhuyan) ।

ৰিণিকি ভূঞাৰ কোম্পানীৰ বিৰুদ্ধে CBI-ED ৰ তদন্তৰ দাবী ৰাইজৰ দলৰ

এই সন্দৰ্ভত বুধবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সংবোধন কৰে ৰাইজৰ দলৰ(Raijor dol) উপ-সভাপতি ৰাছেল হুছেইন আৰু কাৰ্যকৰী সভাপতি জিতুল ডেকাই ৷

ৰাইজৰ দলৰ নেতা কেইগৰাকীয়ে উক্ত সংবাদমেলতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত পত্নী ৰিণিকি ভূঞাই গুৱাহাটীত বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ তুলি ইয়াৰ তথ্য সাংবাদমাধ্যমৰ ওচৰত দাঙি ধৰে । ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা অসমৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰীৰ খলনায়ক বুলি অভিহিত কৰে ।

সংবাদ প্ৰতিষ্ঠান দুটাই প্ৰকাশ কৰা বাতৰিৰ আঁত ধৰি তেওঁলোকে কয়, ৰাজহুৱা অনুষ্ঠানৰ নামত আৱণ্টিত ভূমি তিনি বছৰলৈ চৰকাৰৰ নজৰত থাকে । যি কামৰ উদ্দেশ্যে আবণ্টন ভূমি যদি সেই কামত ব্যৱহাৰ নহয়, তেনেহ'লে চৰকাৰে সেই ভূমি উভতাই ল'ব পাৰে । কেতিয়াও এই মাটিৰ ক্ৰয়-বিক্ৰয় হ'ব নোৱাৰে ।

লগতে পঢ়ক : ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

কিন্তু উত্তৰ গুৱাহাটীৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটিছ স্কুলৰ নামত ১৭ বিঘা ২ কঠা ৫ লেচা মাটি আবণ্টিন হোৱা মাত্ৰ কেইমাহ মানৰ ভিতৰতে জালিয়াতী কৰিল ক্ৰয় কৰিছে ৰিণিকি ভূঞাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছে প্ৰাইভেট লিমিটেড(RBS Realtors Private Limited) নামৰ কোম্পানীটোৱে ৷ তাৰোপৰি পলাশবাৰীৰ বঙৰাতো ৭ গৰাকীকৈ ব্যক্তিৰ নামত আবণ্টিন ১১ বিঘা ৩ কঠা ৫ লেচা চিলিং চৰকাৰী মাটি ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানীয়ে অবৈধভাৱে ক্ৰয় কৰাৰো অভিযোগ তোলে ৰাইজৰ দলে ।

মন কৰিবলগীয়া কথা এই যে, চিলিঙ চৰকাৰী মাটি ভূমিহীন আৰু দখল কৰি থকা ব্যক্তিক আবণ্টন দিয়া হয়। যিহেতু আবণ্টিত মাটি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ চৰ্ত আৰোপ কৰা হৈছিল যদিও কেইটামান মাহৰ পাছতে ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানীৰ নামত ৰহস্যজনকভাৱে নামজাৰি হয়। ৰাইজৰ দলৰ নেতৃবৃন্দই পলাশবাৰী ৰাজহ চক্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ সহযোগত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তোলে ।

অসমৰ দুখীয়া মানুহৰ মাটি হিমন্ত বিশ্ব শৰ্মাই বক্র পথৰে ক্ৰয় কৰিছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰই কিদৰে শ্বেয়াৰমেন হোৱাৰ অধিকাৰ পাইছিল তাকলৈও সন্দেহ প্ৰকাশ কৰে ৰাইজৰ দলে । ৰিণিকি ভূঞাৰ আৰ বি এছ ৰিয়েল্টৰ্ছ নামৰ কোম্পানীৰটোৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'লা ধন বগা কৰাৰো অভিযোগ তুলি ভূমি নীতি ১৯৮৯ আৰু চিলিং আইন উলংঘন(Violation of Land Policy 1989 and Ceiling Act) কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে সংঘটিত কৰা কেলেংকাৰীৰ বিৰুদ্ধে CBI, ED ৰ তদন্তৰ দাবী তোলে ৰাইজৰ দলে ।

লগতে পঢ়ক : IAF chopper crash : জেনেৰেল বিপিন ৰাৱাটৰ ঘৰত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.