ETV Bharat / state

Reaction of Raijar Dal: ৰাজনৈতিক লাভৰ বাবে সুদ খাইছে আজমলে: ৰাইজৰ দল - AIUDF chief Badruddin Ajmal

মৌলানা বদৰুদ্দিন আজমলে হিন্দু সমাজক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে (Press Conference of Raijar Dal at Guwahati)। তেওঁ কয় যে আজমলৰ বক্তব্য অমাৰ্জিত, অশোভনীয় । তেওঁ অসমৰ মৰ্যাদা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ম্লান কৰিছে বুলি মন্তব্য় ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ ।

Etv Bharat
Etv Bharat
author img

By

Published : Dec 3, 2022, 4:58 PM IST

Updated : Dec 3, 2022, 5:15 PM IST

গুৱাহাটী,৩ ডিচেম্বৰ: শুকুৰবাৰে হিন্দু সমাজক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল মৌলানা বদৰুদ্দিন আজমলে (AIUDF chief Badruddin Ajmal) ৷ আজমলৰ বিতৰ্কিত এই মন্তব্যৰ পিছতেই সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে (Raijar Dal react on Badruddin Ajmal statement)।

ৰাজনৈতিক লাভৰ বাবে সুদ খাইছে আজমলে:ৰাইজৰ দল

গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয়,"আজমলৰ বক্তব্য অমাৰ্জিত, অশোভনীয় । তেওঁ অসমৰ মৰ্যাদা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হানি কৰিছে ।" তেওঁ পুনৰ কয় যে গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কাইলৈ আছে । দিল্লীত পৌৰ নিৰ্বাচন আছে । বিজেপিক সহায় কৰাৰ বাবেই আজমলে এইদৰে মন্তব্য় কৰা বুলি তেওঁ কয় ।

আজমলৰ বিতৰ্কিত এই মন্তব্যৰ পিছত ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে আজমলে কথাখিনি হিন্দীত কিয় ক'লে বুলি প্ৰশ্ন কৰি কয়,"সাম্প্ৰদায়িক বিভাজনৰ বাবে এই মন্তব্য কৰিছে ।" কিয় দিল্লীৰ পৌৰ নিৰ্বাচন আৰু গুজৰাট নিৰ্বাচনৰ সময়ত তেওঁ এনেদৰে ক'লে বুলি প্ৰশ্ন কৰে ৰাইজৰ দলৰ নেতাজনে । তেওঁ কয় যে অমিনুল ইছলাম, মজিবুৰ ৰহমানেও এনে সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে । আজমলৰ মতে নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ পিছতে ড৹হিমন্ত বিশ্ব শৰ্মাৰ স্থান ।

ইপিনে, গুজৰাটত ৯.৬ শতাংশ সংখ্যালঘু আছে বুলি কয় ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে । তাৰ পাছতো বিজেপিয়ে আজমলৰ লগ হৈছে বুলি তেওঁ কটাক্ষ কৰে । আজমলে বিজেপিৰ সুদ খাব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ কয়," নিজৰ ৰাজনৈতিক লাভৰ বাবে সুদ খাইছে আজমলে ।"

নামৰ আগত মৌলানা লিখা মানুহে এনে বক্তব্য দি মুছলমান সমাজক অপমান কৰিছে বুলি মন্তব্য় কৰি তেওঁ কয় যে বিজেপি আৰু এআই ইউ ডিএফৰ মাজত গভীৰ বুজাবুজি আছে । ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে বদৰুদ্দিন আজমলক বিজেপিৰ পকেটৰ পুতলা বুলি মন্তব্য় কৰি কয়,"আজমলৰ উদ্দেশ্য কেৱল বিজেপিক লাভ কৰোৱা । ব্যৱসায়ৰ উত্তৰণৰ বাবে এইবোৰ কৰি আহিছে ।" আছাদ উদ্দিন ওৱেছিক গুজৰাটত মুছলমান সমাজে এৰা দিছে । যাৰ বাবে বিজেপিয়ে আজমলৰ সহায় হৈছে বুলি মন্তব্য় কৰি তেওঁ কয় যে বিক্ৰী যোৱা দল এআইইউডিএফ ।

ৰাছেল হুছেইনে কয় যে আজমলৰ ৰাজনীতিক যদি সময় থাকোতেই আঁতৰাব নোৱাৰে তেতিয়াহ'লে সংখ্যালঘু মানুহ আৰু পিছুৱাই যাব । তেওঁ পুনৰ কয় যে যদি বিজেপিৰে গোপন বুজাবুজি নাই তেতিয়াহ'লে চৰকাৰে আজমলক কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে । ৰাইজৰ দলৰ বিভিন্ন স্থানত দলীয় কৰ্মীয়ে ইতিমধ্যে গোচৰ তৰা বুলিও তেওঁ কয় ।

লগতে পঢ়ক:Badaruddin Ajmal Comments : আজমলৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক

Last Updated : Dec 3, 2022, 5:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.