আজাৰা, 5 আগষ্ট: "আছে গৰু নাবাই হাল,হোৱাতকৈ নোহোৱাই ভাল ।" ৰাজ্যৰ বিভিন্ন স্থানত দৈনিক চলি আছে বন ধ্বংশ যজ্ঞ । দক্ষিণ কামৰূপৰো বিভিন্ন স্থানত দৈনিক বন মাফিয়াই কাটি তহিলং কৰিছে বহু মূল্যৱান গছ । এইবোৰ দেখিও নেদেখা ভাওত ৰাজ্যৰ বিয়াগোম বন বিভাগ । যেন "আছে গৰু নাবায় হাল,হোৱাতকৈ নোহোৱা ভাল ।" বন মাফিয়াৰ লগত মিতিৰালি কৰি বন বিভাগৰ একাংশ বিষয়াই যেন অনুমতি দিছে বন ধ্বংশ কৰাৰ ।
দক্ষিণ কামৰূপৰ পশ্চিম গুৱাহাটী বন সংমণ্ডলৰ লোহাৰঘাট ৰেঞ্জৰ অধীনতো বিভিন্ন বন মাফিয়াই চলাই গৈছে নিজৰ ৰমৰমীয়া বেহা । লোহাৰঘাট অঞ্চলত দৈনিক মূল্যবান গছসমূহ কাটি তহিলং কৰি গৈছে বন মাফিয়াই ৷ কিন্তু এইসমূহ দেখিও নেদেখা ভাওত বন বিভাগ । সেয়ে যোৱানিশা গোপন সুত্ৰৰ পম খেদি লোহাৰঘাট ৰাভা ছাত্ৰ সন্থাই খেদি খেদি ধৰিলে দুখনকৈ কাঠৰ কুণ্ডা ভৰ্তি বাহন । AS-01-DC-3153 নম্বৰৰ লগতে আৰু এখন নম্বৰ প্লেটবিহীন ডি আই বাহনত কাঠৰ কুণ্ডাসহ জব্দ কৰি চালক দুজনকো ধৰি বুধবাৰে পলাশবাৰী আৰক্ষী থানাত গতাই দিয়ে ।
উল্লেখ্য যে, পুৰ্বতেও লোহাৰাঘাট ৰাভা ছাত্ৰ সন্থাই এনেদৰে জব্দ কৰিছিল চোৰাং কাঠৰ বাহন ৷ তথাপিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ লোহাৰঘাট আঞ্চলিক বনাঞ্চলৰ বন বিষয়া শান্তনু পাটোৱাৰীৰ বিৰুদ্ধে ।
লগতে পঢ়ক : লাডাখ আৰু জম্মু-কাশ্মীৰত চীনৰ আক্ৰমণৰ প্ৰভাৱ