গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ নামঘৰৰ পৰা ৰান্ধনীঘৰলৈকে,শিক্ষানুষ্ঠানৰ পৰা হাবিলৈকে,বিলুপ্তিৰ পথত থকা এবিধ বিশেষ পক্ষী সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি গ্ৰীণ অস্কাৰ বঁটাৰে সন্মানিত হোৱা অসমৰ এগৰাকী মহিলা ৷ একক প্ৰচেষ্টাৰে হাড়গিলা সংৰক্ষণৰ বাবে লাগি থকা মহিলাগৰাকী আজি সমগ্ৰ বিশ্বতে বন্দিত ৷ কিন্তু হাড়গিলা কি আৰু ইয়াৰ সংৰক্ষণৰ গুৰুত্ব কি ? প্ৰথমে আমি জানিব লাগিব হাড়গিলা কি ? ইয়াৰ ইংৰাজী নাম হৈছে -Greater Adjutant. বৈজ্ঞানিক নাম-Leptoptilos dubius.
![PURNIMA DEVI BARMAN THE UNSUNG HERO OF ASSAM ETV BHARAT SPECIAL REPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5991012_purnmaaa.jpg)
মূলত চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত হাড়গিলা হৈছে বগলী জাতীয় এবিধ চৰাই ৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও প্ৰাকৃতিক তথা বিভিন্ন কাৰণবশত ইয়াৰ জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পায় মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বৰ্ত্তি আছে সমগ্ৰ পৃথিৱীত ৷ ইয়াৰে এটা অসমত আৰু আনটো কম্বোডিয়া (Cambodia)ত দেখিবলৈ পোৱা যায় ৷ দ্ৰুত গতিত হ্ৰাস পাই অহা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক সংকটাপন্ন প্ৰজাতি অৰ্থাৎ(Endangered) শাখাত অন্তৰ্ভুক্ত কৰা হৈছে৷ IUCNৰ পিয়ল অনুসৰি সমগ্ৰ বিশ্বতে ইয়াৰ জনসংখ্যা 1200-1500 মান বুলি ঠাৱৰ কৰা হৈছে ৷ অসমত ইয়াৰ জনসংখ্যা 850 বুলি গম পোৱা গৈছে ৷
বিলুপ্তপ্ৰায় হাড়গিলাৰ বাবে বহু বছৰ ধৰি যুজি আহিছে পূৰ্ণিমা দেৱী বৰ্মন নামৰ এগৰাকী অসমীয়া মহিলাই ৷ বিশ্বৰ বুকুত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা এই হাড়গিলা সংৰক্ষণৰ কামত ব্ৰতী থকা পূৰ্ণিমা দেৱী বৰ্মন আজি বিশ্বজুৰি এটা চিনাকী নাম ৷ প্ৰসিদ্ধ প্ৰকৃতিবিদ তথা হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে ২০১৭ চনত পূৰ্ণিমা দেৱী বর্মনক সন্মানিত কৰা হৈছিল গ্ৰীণ অস্কাৰ বঁটাৰে। উল্লেখ্য যে,গ্ৰীণ অস্কাৰ বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মন ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত হাড়গিলাকলৈ গৱেষণা কৰি থকাৰ সময়তে কামৰূপ জিলাৰ দদৰাত সংঘটিত এটা সৰু ঘটনাই সলনি কৰিছিল পূৰ্ণিমা দেৱী বৰ্মনৰ সিদ্ধান্তক ৷ ঠিৰাং কৰিছিল হাড়গিলা সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ।
![PURNIMA DEVI BARMAN THE UNSUNG HERO OF ASSAM ETV BHARAT SPECIAL REPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5991012_greasteradjutant.jpg)
![PURNIMA DEVI BARMAN THE UNSUNG HERO OF ASSAM ETV BHARAT SPECIAL REPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5991012_hargila.jpg)
লগতে চাওকঃবিদেশলৈ ৰপ্তানিৰ বাবে সাজু ভাৰতৰ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ: ডিআৰডিঅ' প্ৰধান