ETV Bharat / state

এজন ব্যক্তিয়ে দুটা নামত কিদৰে ল'ব পাৰে বেংকৰ ঋণ !

author img

By

Published : Jun 22, 2021, 9:26 PM IST

অৱশেষত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ জালত পৰিল পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাৰ বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত ৷ বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত নামৰ হৈছে ধ্ৰুৱজ্যোতি তালুকদাৰ ৷ প্ৰকৃততে ধ্ৰুৱজ্যোতি তালুকদাৰ হয় কোন ...?

Punjab and Sind Bank Rajgarh branch financial scam
এজন ব্যক্তিয়ে দুটা নামত কিদৰে ল'ব পাৰে বেংকৰ ঋণ !

গুৱাহাটী, ২২ জুন: অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা (BIEO)ৰ জালত পৰিছে পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাত ঋণ দিয়াৰ নামত সংঘটিত বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত । উল্লেখ্য যে, বেংক প্ৰতিষ্ঠানটোৰ গুৱাহাটী আঞ্চলিক প্ৰৱন্ধক নিতাই দাসে দাখিল কৰিছিল BIEO ১৯/২০১৯ নম্বৰত এখন এজাহাৰ ৷ ইয়াৰ পাচতে এই এজাহাৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে ভাৰতীয় দণ্ডবিধিৰ ১২০ (B), 420,406,419,468 আৰু 471 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷

এই তদন্তৰ মাজতে পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাৰ দুই কৰ্মচাৰীক আটক কৰে BIEO য়ে ৷ তেওঁলোকৰ নাম ক্ৰমে পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাৰ প্ৰৱন্ধক নলীন কুমাৰ হাজৰিকা আৰু ঋণ প্ৰদানকাৰী বিষয়া বিকাশ চন্দ্ৰ ৷

BIEO ৰ আৰক্ষী অধীক্ষক মনমোহন বড়োয়ে জানিবলৈ দিয়া অনুসৰি কেলেংকাৰীটোৰ মূল অভিযুক্ত ধ্ৰুৱজ্যোতি তালুকদাৰে ফ্লেট ক্ৰয়ৰ বাবে পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাৰ পৰা ঋণ লৈছিল ৷ ধৃত ধ্ৰুৱজ্যোতিয়ে ফ্লেটো ক্ৰয় কৰিছিল কুণ্টল হাজৰিকাৰ নামৰ এজন লোকৰ পৰা ৷ ক্ৰয় কৰা সকলো নথি-পত্ৰ বেংকটোত জমাও দিছিল ধ্ৰুৱজ্যোতিয়ে ।

অভিযোগ অনুসৰি কেইখনমান সামান্য নথিৰ ওপৰত ভিত্তি কৰিয়ে বেংক প্ৰতিষ্ঠানটোৱে ঋণ প্ৰদাণ কৰিছিল ৷ মুখামুখি সাক্ষাৎ নকৰাকৈয়ে কুণ্টল হাজৰিকাৰ একাউণ্টত ফ্লেট ক্ৰয়ৰ ধন ৰাশি জমা কৰিছিল ধ্ৰুৱজ্যোতি তালুকদাৰে ৷ স্বাভাৱিকতে, সেই মূহুৰ্তলৈকে বিষয়টো ঠিকেই আছিল ।

কিন্তু যেতিয়া ঋণ পৰিশোধৰ সময় আহিল তেতিয়াই কুণ্টল হাজৰিকা, ধ্ৰুৱজ্যোতি তালুকদাৰ নিৰুদ্দেশ হৈ পৰে ৷ এনে পৰিপেক্ষিত উপায়ন্ত হৈ পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাৰ কৰ্তৃপক্ষই BIEO ত এক এজাহাৰ দাখিল কৰে ৷

সংস্থাটোৰ তদন্তকাৰী বিষয়াৰ নেতৃত্বত চলা অনুসন্ধানত ধৰা পৰে জোলোঙাৰ মেকুৰী ৷ সংস্থাটোৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি কুণ্টল হাজৰিকা আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ এজনেই ব্যক্তি ৷ দুটা নাম ব্যৱহাৰ কৰি ধন লুন্ঠনৰ কৌশল ৰচনা কৰিছিল ধ্ৰুৱজ্যোতি তালুকদাৰে ৷

যোৱা ২০ জুনত অনুসন্ধানকাৰী সংস্থাটোয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত কুণ্টল হাজৰিকা ওৰফে ধ্ৰুৱজ্যোতি তালুকদাৰক গ্ৰেপ্তাৰ কৰে । সেইদিনাই ধৃত কুণ্টলক হাজৰিকা ওৰফে ধ্ৰুৱজ্যোতি তালুকদাৰক আদালতত সাজিৰ কৰে আৰু দুদিনৰ বাবে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই নিজৰ জিম্মাত লয় ৷

লগতে পঢ়ক: ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভাল নহয় : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.