ETV Bharat / state

দুটা বছৰ সম্পূৰ্ণ ভয়াৱহ পুলৱামা আক্ৰমণৰ - জম্মু-কাশ্মীৰৰ পুলৱামা জিলা

2019 চনৰ 14 ফেব্ৰুৱাৰী দিনটোতে এক আত্মঘাতী আক্ৰমণত 40 গৰাকী সেনাই প্ৰাণ হেৰুৱাইছিল ৷ জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সুৰক্ষা কৰ্মী কঢ়িয়াই নিয়া বাহনৰ ওপৰত চলিছিল সেই সন্ত্ৰাসবাদীৰ আক্ৰমণ । জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত উক্ত বিস্ফোৰণটো সংঘটিত হৈছিল ।

আজি দুটা বছৰ সম্পূৰ্ণ হ’ল ভয়াৱহ পুলৱামা আক্ৰমণৰ

author img

By

Published : Feb 14, 2021, 11:01 AM IST

নিউজ ডেস্ক,14 ফ্ৰেব্ৰুৱাৰীঃ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত পুলৱামাত শ্বহীদ হৈছিল 40 জন ভাৰতীয় জোৱান ৷ উল্লেখযোগ্য যে, জম্মু–শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফৰ কনভয়ৰ ওপৰত চলিছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ।

2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত সংঘটিত হৈছিল এক আত্মঘাতী আক্ৰমণ ৷ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে ৷ সংগঠনটোৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত উক্ত বিস্ফোৰণটো সংঘটিত হৈছিল ।

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপুৰৰ লেথপুৰ অঞ্চলত সংঘটিত হৈছিল এই আক্ৰমণ । এই আত্মঘাতী আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান নিহত হৈছিল । আজি সমগ্ৰ দেশজুৰি সেই ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকলক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সেই ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ যোদ্ধাসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ৷

লগতে পঢ়কঃ কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.