ETV Bharat / state

Pulok Gogoi passes away: ৰং-তুলিকা সামৰি, চেলুলয়ডৰ মায়া এৰি গুছি গ'ল পুলক গগৈ

author img

By

Published : Nov 12, 2022, 10:40 AM IST

Updated : Nov 12, 2022, 1:25 PM IST

সোমবাৰে গগৈৰ ডায়ল’চিছ হোৱাৰ কথা আছিল যদিও আজি পুৱাৰ ভাগতেই তেঁও গুৰুতৰভাৱে পুনৰ অসুস্থ হৈ পৰে ৷ পৰিচালকগৰাকীৰ পুত্ৰ, চলচ্চিত্ৰ পৰিচালক ৰূপক গগৈয়ে আজি পুৱা এই কথা ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷ পিতৃক হেৰুৱাই শোকদগ্ধ হৈ পৰা ৰূপক গগৈয়ে আৰু জানিবলৈ দিয়ে যে আজি পুৱাৰ ভাগত তেওঁৰ স্বাস্থ্য অধিক বেয়া হৈ পৰাত ততাতৈয়াকৈ পুনৰ GMCH লৈ নিয়াৰ যো-জা কৰা হয় যদিও তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷

Pulok Gogoi passes away
ৰং-তুলিকা সামৰি, চেলুলয়ডৰ মায়া এৰি গুছি গ'ল পুলক গগৈ

নিউজ ডেস্ক, 12 নৱেম্বৰ: শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈয়ে ৷ বিগত দীৰ্ঘসময় ধৰি অসুস্থ হৈ আছিল যশস্বী পৰিচালকগৰাকী (Pulok Gogoi passes away) ৷ কেবাটাও ৰোগত আক্ৰান্ত হৈ থকা গগৈৰ চিকিৎসা চলি আছিল বিগত কেবামাহজুৰি ৷

গুৱাহাটীৰ নিজা বাসভৱনতে গগৈ চিকিৎসাধীন হৈ আছিল যদিও মাজে সময়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)তো ভৰ্তি কৰোৱা হৈছিল (Pulok Gogoi passes away)৷ শেহতীয়াকৈ গুৱাহাটীৰ গীতানগৰৰ নিজা বাসগৃহতেই বিশিষ্ট পৰিচালকগৰাকী চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল ৷

পৰহি অৰ্থাৎ সোমবাৰে গগৈৰ ডায়ল’চিছ হোৱাৰ কথা আছিল যদিও আজি পুৱাৰ ভাগতেই তেঁও গুৰুতৰভাৱে পুনৰ অসুস্থ হৈ পৰে ৷ পৰিচালকগৰাকীৰ পুত্ৰ, চলচ্চিত্ৰ পৰিচালক ৰূপক গগৈয়ে আজি পুৱা এই কথা ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷ পিতৃক হেৰুৱাই শোকদগ্ধ হৈ পৰা ৰূপক গগৈয়ে আৰু জানিবলৈ দিয়ে যে আজি পুৱাৰ ভাগত তেওঁৰ স্বাস্থ্য অধিক বেয়া হৈ পৰাত ততাতৈয়াকৈ পুনৰ GMCH লৈ নিয়াৰ যো-জা কৰা হয় যদিও তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ ৷ অসমৰ সাংস্কৃতিক জগতখনত পুলক গগৈ কেৱল এগৰাকী ছবি পৰিচালক হিচাপেই পৰিচিত নাছিল, তেওঁৰ আন এক চিনাকিও আছিল ৷ তেওঁ আছিল এগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ লগতে এগৰাকী অতি জনপ্ৰিয় কাৰ্টুনিষ্টো ৷

আনহাতে 1975 চনত "খোজ" ছবিখনেৰে অসমীয়া ছবিজগতত এগৰাকী পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা পুলক গগৈয়ে তেওঁৰ জীৱনকালত সৰ্বমুঠ 9 খন অসমীয়া ছবি পৰিচালনা কৰাৰ উপৰিও 6 খনকৈ ছবি প্ৰয়োজনাও কৰিছিল ৷ পুলক গগৈৰ দ্বাৰা পৰিচালিত "ৰে’লৰ আলিৰ দুবৰি বন" নামৰ ছবিখনে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ পৰিচালনা কৰা আন কেইখনমান জনপ্ৰিয় অসমীয়া কথাছবি আছিল "শ্ৰীমতী মহিমাময়ী", "সাদৰী", "সেন্দুৰ", "সুৰুয", "মৰম নদীৰ গাভৰু ঘাট", "পত্নী" আদি ৷ গগৈৰ অন্তিমখন ছবি মুক্তি পাইছিল 2012 চনত ৷ নাম আছিল "মমতাজ" ৷

১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে 'অসমবাণী' কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত 'দৈনিক অসম' কাকতৰো কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায়। উচ্চ শিক্ষা সাং কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহ মানৰ পাছতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকৰ জীৱন গ্ৰহণ কৰে ।

১৯৭২ চন মানলৈ সক্ৰিয়ভাৱে চিত্ৰশিল্পী হিচাপে কাম কৰাৰ অন্তত ১৯৭৪ চনত তেওঁ 'খোজ' নামৰ ছবিখনৰ প্ৰযোজক-পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে । এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰে তথা বহু সন্মান লাভ কৰিবলৈ সক্ষম হয় । তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া 'মমতাজ' নামৰ ২০১2 চনত নিৰ্মাণ কৰা ছবিখনৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ।

এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত । দিল্লীৰ ললিত-কলা একাডেমি, কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ পৰা আৰম্ভ কৰি দেশৰ পৰিধি ভাঙি সুদূৰ ৱাশ্বিংটনৰ হোজেছ গেলেৰী আইএনচিতো তেওঁৰ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। তেওঁৰৰ কাৰ্টুনে একালত সমাজ ৰাজনীতিৰ বহু দিশ ব্যংগভাৱে উদঙাই দিছিল। পুলক গগৈ আছিল অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট ৷

অসমৰ সাংস্কৃতিক জগতৰ এইগৰাকী বটবৃক্ষৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখন ৷ গগৈৰ বিয়োগৰ বাতৰি পাই গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিভিন্ন গুণমুগ্ধই গগৈৰ বিয়োগত প্ৰকাশ কৰিছে গভীৰ শোক ৷

আজি বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ব এইগৰাকী প্ৰথিতযশা শিল্পীক ৷ গীতানগৰস্থিত বাসগৃহৰ পৰা তেওঁ নশ্বৰ দেহ প্ৰথমে গুৱাহাটী আৰ্টিষ্ট গিল্ডলৈ লৈ যোৱা হ’ব। তাৰ পিছত জ্যোতি চিত্ৰবন, জ্যোতি চিত্ৰবনৰ পৰা পোনে পোনে ৰবীন্দ্ৰ ভৱনলৈ লৈ যোৱা হ’ব গগৈৰ নশ্বৰ দেহ।

লগতে পঢ়ক: Junior National Athletics: ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছত প্ৰথম দিনাই দুটাকৈ নতুন ৰাষ্ট্ৰীয় অভিলেখ

Last Updated : Nov 12, 2022, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.