ETV Bharat / state

দুৰ্গোৎসৱ উদযাপন সমিতিৰ সৈতে মহানগৰ প্ৰশাসনৰ বৈঠক

author img

By

Published : Sep 20, 2019, 8:29 PM IST

আগন্তক শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত মহানগৰীৰ সকলো পূজা মণ্ডপ সমিতিৰ সৈতে মহানগৰীৰ প্ৰশাসনৰ বৈঠক ।

দুৰ্গোৎসৱ উদযাপন সমিতিৰ সৈতে মহানগৰ প্ৰশাসনৰ বৈঠক

গুৱাহাটী,20 ছেপ্টেম্বৰঃ মহানগৰীত আগন্তক শাৰদীয় দুৰ্গোৎসৱৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত শুকুৰবাৰে কামৰূপ মহানগৰ প্ৰশাসনে সমূহ পূজা মণ্ডপ সমিতিৰ সৈতে বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত মহানগৰীৰ 492 খন পূজা মণ্ডপ সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে চহৰৰ প্ৰতিটো পূজা মণ্ডপত চিচিটিভি কেমেৰা স্থাপন কৰাটো বাঞ্ছনীয় বুলি মন্তব্য কৰে ৷ আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক পূজাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ কথা অৱগত কৰে ৷ অধিক অপৰাধ সংঘটিত হ'ব পৰা স্থানসমূহ চিনাক্ত কৰি আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷

Intro:দুৰ্গা পূজাৰ প্ৰকমুহূৰ্তত মহানগৰীৰ সকলো পূজা মণ্ডলিৰ কমিটিৰ সৈতে বৈঠক মহানগৰীৰ প্ৰশাসনৰ । পূজাৰ সৰু সুৰা ধেমালি আৰু কিছুমান অশ্লীল শব্দইও হৈ পৰিব পাৰে কাল । কাৰণ এইবাৰ পূজাৰ বাবে অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। মহানগৰীত এইবাৰ 492 খন পূজা মণ্ডপ থাকিব যত নিৰাপত্তা বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্রতিটো পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থাৰ থকাটো বাঞ্ছনীয় বুলি কলে প্ৰশাসনে।

Body:আনহাতে মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়া অনুসৰি অধিক কটকটীয়া কৰি তোলা হৈছে এইবাৰ পূজাৰ বাবে নিৰাপত্তা ব্যৱস্থা। যিবোৰ স্থানত অধিক অপৰাধ হোৱাৰ সম্ভাৱনা আছে সেই স্থান সমূহ নিৰ্বাচন কৰি অধিক কঠোৰ কৰা হব নিৰাপত্তা ব্যৱস্থা বুলি কলে আয়ুক্ত গৰাকীয়ে ।
Bite :- দীপক কুমাৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.