ETV Bharat / state

গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা, শিক্ষাৰ্থীয়েও দিলে চৰকাৰক পৰামৰ্শ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:27 PM IST

যি উন্নয়নে কষ্ট দিয়ে উশাহ লোৱাত তেনে উন্নয়ন নালাগে ৷ ফ্লাই অ’ভাৰ নিৰ্মাণৰ নামত আৰু গছ কাটিবলৈ দিয়া নহ’ব বুলি ক’লে শিক্ষাৰ্থীৰ পৰা পৰিৱেশ কৰ্মীলৈকে ৷ উন্নয়ন হ’লে বহনক্ষম উন্নয়ন হওক বুলি মন্তব্য সকলোৰে ৷

flyover construction in guwahati
গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা

গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা

গুৱাহাটী, 28 নৱেম্বৰ : গুৱাহাটী মহানগৰী লাহে-লাহে যেন দুখলপীয়া হোৱাৰ পথত ! অত্যধিক যানজঁটৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ উপায় হিচাবে নিৰ্মাণ কৰা হৈছে ইখনৰ পাচত সিখন ফ্লাই অ’ভাৰ ৷ এখন ফ্লাই অ’ভাৰ উদঘাটন কৰাৰ পাচতে ঘোষণা কৰা হয় আন এখন ফ্লাই অ’ভাৰ নিৰ্মাণৰ কথা ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে আকৌ এখন ফ্লাই অ’ভাৰ নিৰ্মানৰ কথা ঘোষণা কৰে ৷ যিখন ফ্লাই অ’ভাৰ হ’ব গুৱাহাটীৰ অটাইতকৈ দীঘল ফ্লাই অ’ভাৰ ৷ ৰিজাৰ্ভ বেংকৰ সমীপৰ পৰা বামুণীমৈদামলৈ নিৰ্মাণ হ’বলগীয়া ফ্লাই অ’ভাৰখন 2026 চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে ৷

এইখিনিলৈকে সকলো ঠিকেই আছে ৷ উন্নয়ন সকলোকে লাগে, প্ৰয়োজনীতা আছে ফ্লাই অ’ভাৰৰ ৷ কিন্তু সেয়া যাতে উশাহ বন্ধ কৰা উন্নয়ন নহয় তাৰ স্বাৰ্থত এতিয়া ওলাই আহিছে শিক্ষাৰ্থীকে আদি কৰি বহু লোক ৷ সকলোৰে এটাই কথা- গছ কাটি ফ্লাই অ’ভাৰ নিৰ্মাণ কৰিব নালাগে ৷ গুৱাহাটীত ফ্লাইঅ’ভাৰ আদি নিৰ্মানৰ নামত ইতিমধ্যে কাটি পেলোৱা হ’ল হাজাৰ হাজাৰ গছ, ৰাজ্যৰ ভিন্ন প্ৰান্তত ফ’ৰলেনযুক্ত পথ নিৰ্মানৰ নামতো কৰা হ’ল অবাধ বন ধ্বংস ৷

বিদেশৰ দৰে পৰিৱেশ ৰক্ষা কৰি উন্নয়ন কৰিব কিয় নোৱাৰে আমাৰ চৰকাৰে ? বিদেশত যিদৰে গছ-গছনিৰ হানি-বিঘিনি নকৰাকৈ ফ্লাই অভাৰকে আদি কৰি বিভিন্ন নিৰ্মাণকাৰ্য কৰে, তেনে কৰিব আমাৰ চৰকাৰে কিয় নোৱাৰে ? যাতায়তৰ সুবিধাৰ বাবেই চৰকাৰে যধে-মধে গছ কাটি তহিলং কৰা কাৰ্যক গৰিহনা দিছে মহানগৰীৰ বাসিন্দাই ৷

ফ্লাই অ’ভাৰ নিৰ্মাণৰ নামত আছে নেকি বৃহৎ কোম্পানীৰে চৰকাৰৰ বুজাবুজি ? নিৰ্বাচনৰ আগত কোম্পানীৰে কৰা বুজাবুজিৰ বাবেই কৰিবলগীয়া হয় নেকি এনে নিৰ্মাণকাৰ্য ? সেয়া যেনিবা কৰিলেই, গছ-গছনিবোৰ তহিলং কৰি, প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰি ফ্লাই অ’ভাৰসমূহ কিয় নিৰ্মাণ কৰি আছে ? নৱেম্বৰ মাহ শেষ হ’বৰে হ’ল ৷ এতিয়াও কিয় নমা নাই ঠাণ্ডা ? এইসমূহ প্ৰশ্নৰ উত্তৰ দিছে পৰিৱেশ কৰ্মীয়ে ৷ উন্নয়নৰ জয়গান গোৱা চৰকাৰৰ এনেবোৰ কৰ্মৰ বাবেই জীয়াই নাথাকিব মানুহ ৷

দ্ৰুতিগতিত বৃদ্ধি পোৱা যানজঁটৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ নামত ইখনৰ পাচত সিখন ফ্লাই অ’ভাৰ নিৰ্মাণ কৰোতে উন্নত দেশৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰক চৰকাৰে, যাতে কাটিবলগীয়া নহয় গছবোৰ ৷ এই আহ্বান সচেতন লোকৰ ৷ অন্যথা গুৱাহাটী হৈ নাথাকিব জীয়াই থকাৰ স্থান ৷

লগতে পঢ়ক : বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.